বিহাৰত বিৰোধীৰ নিৰ্বাচনী হুংকাৰ, আজি অনুষ্ঠিত হ’ব মহাজোঁটবন্ধৰ প্ৰথমখন বৈঠক

বিহাৰত বিৰোধীৰ নিৰ্বাচনী হুংকাৰ, আজি অনুষ্ঠিত হ’ব মহাজোঁটবন্ধৰ প্ৰথমখন বৈঠক

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিহাৰৰ মহাজোঁটবন্ধ প্ৰথমখন ৰাজনৈতিক বৈঠক সোমবাৰে ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা লালুপুত্ৰ তেজস্বী যাদৱৰ পাটনাস্থিত বাসগৃহত সম্পন্ন হ'ব। ইফালে এই বৈঠকতে ৰাজ্যখনৰ আসন ভাগ বতোৱাৰাও হ'ব বুলিও আশংকা কৰা হৈছে।

জানিব পৰা মতে, সন্ধিয়া অনুষ্ঠিত হ'ব লগা এই বৈঠকত আৰ এছ এছ পিৰ অধ্যক্ষ উপেন্দ্ৰ কুশ্ববাহা, হিন্দুস্তানী আৱাম মৰ্চা (চেকুলাৰ)ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথআ প্ৰাক্তন মুখ্যমন্ত্ৰী জীতন ৰাম মাঝী, গণতান্ত্ৰিক জনতা দলৰ অধ্যক্ষ শৰদ যাদৱ আৰু বি আই পি দলৰ সভাপতি মুকেশ চাহানী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

ইফালে, বিহাৰৰ ৪০ খন আসনত মিলিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগীয়া এই মহাজোঁটবন্ধটোৱে সোমবাৰৰ বৈঠকৰ পিছতে আসনৰ ভাগ বতোৱাৰা কৰাৰ সম্ভাৱনা আছে। তদুপৰি আগন্তক লোকসভা নিৰ্বাচনৰ নতুন নিৰ্বাচনী ৰণ কৌশলো প্ৰস্তুত কৰিব ৰাজনৈতিক দল কেইটাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in