পাৰিবাৰিক কন্দলৰ পৰা পৰিত্ৰাণ বিচাৰি ১৫ বছৰীয়া কিশোৰৰ ইচ্ছা মৃত্যু বিচাৰি আৱেদন, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তদন্তৰ নিৰ্দেশ…

পাৰিবাৰিক কন্দলৰ পৰা পৰিত্ৰাণ বিচাৰি ১৫ বছৰীয়া কিশোৰৰ ইচ্ছা মৃত্যু বিচাৰি আৱেদন, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তদন্তৰ নিৰ্দেশ…

ডিজিটেল ডেস্কঃ বিহাৰত সংঘটিত হৈছে এক আচৰ্যজনক ঘটনা। এজন কিশোৰে পাৰিবাৰিক কন্দল সহ্য কৰিব নোৱাৰি ইচ্ছা মৃত্যুৰ বাবে আৱেদন জনায়। আৰু কিশোৰটিৰ এই আৱেদনৰ পাছতেই প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জিলা প্ৰশাসনক ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ কয়।

বিহাৰৰ ভাগলপুৰ জিলাৰ কহলগাঁও থানাৰ অন্তৰ্গতমহিষামুণ্ডা গাঁৱৰ বাসিন্দা মনোজ কুমাৰ মিত্ৰাৰ ১৫ বছৰীয়া পুত্ৰ কৃষ কুমাৰ মিত্ৰাইদিনকদিনে বৃদ্ধি পোৱা পাৰিবাৰিক কন্দলৰ পৰা অশান্তি পাই প্ৰায় ২ মাহ পূৰ্বেৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰি ইচ্ছা মৃত্যুৰ বাবে আৱেদন জনাইছিলি। আৰু এইপত্ৰখনৰ প্ৰতিলিপি কিশোৰটিয়ে প্ৰধানমন্ত্ৰী মোডী, বিহাৰৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণকৰে।

চৰকাৰী সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰনিৰ্দেশৰ পাছত জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কৃষে অভিযোগউত্থাপন কৰে যে মাতৃয়ে কৰা প্ৰতাৰণা আৰু বাৰম্বাৰ দিয়া ভাবুকিৰ পৰা পৰিত্ৰাণ পাববিচাৰে। সেয়েহে ইচ্ছা মৃত্যু বিচৰা বুলি জনায়।

ইফালে, কৃষৰ পিতৃ মনোজ মিত্ৰা কৰ্কট ৰোগত আক্ৰান্ত। গ্ৰামীণ বিকাশ বিভাগদেৱঘৰত জিলা প্ৰবন্ধক হিচাপে কৰ্মৰত আৰু মাতৃ সুজাতা মিত্ৰা ইণ্ডিয়ান অভাৰছীজবেংক, পাটনাত সহ-প্ৰবন্ধক পদত কৰ্মৰত। উল্লেখ্য যে, কৃষে পিতৃৰ লগতথাকে আৰু জছিডিহপাব্লিক স্কুলত নৱম শ্ৰেণীত পঢ়ি আছে। মনোজ মিত্ৰা আৰু পত্নীৰ মাজত দীৰ্ঘ সময়ৰ পৰামত-ভেদ চলি থকাৰ বাবে তেওঁলোক পৃথকে পৃথকে বাস কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in