বিহালীত বন্যহস্তীৰ সন্ত্ৰাস, কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ, VIDEO

বিহালীত বন্যহস্তীৰ সন্ত্ৰাস, কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ, VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হাতী-মানুৰৰ সংঘাত। দৈনিক ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ‌ ভাঙি, শস্যৰ অনিষ্ট কৰি একপ্ৰকাৰে সন্ত্ৰাস চলাই অহাৰ সমান্তৰাল ভাৱে বিহালীতো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। ইতিমধ্যে, বিহালীত বিগত কিছুদিন ধৰি কেইবা ঠাইটো বন্যহস্তীয়ে মানুহৰ বাসস্থান অনিষ্ট কৰি, খেতিপথাৰ ধ্বংস কৰি আহিছে।

দেওবাৰে পুৱতি নিশা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীবন্ধা গাঁৱৰ এটি বাসগৃহত পৰিয়ালটো শুই থকা অৱস্থাতে অতৰ্কিতে বন্যহস্তীয়ে আক্ৰমণ কৰে। ইফালে, ঘৰৰ দেৱাল ভঙাত কথমপিহে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ শিশুসহ অন্যান্য সদস্যসকলৰ। ইফালে হাতীয়ে বাসগৃহটোৰ ক্ষতি কৰাৰ লগতে গৃহটোত মজুত থকা খাদ্য সামগ্ৰীৰো অনিষ্ট সাধন কৰে।

উল্লেখ্য যে, বিহালীৰ ৰাংচালী গাঁৱতো বন্যহস্তীয়ে সন্ত্ৰাস চলাই অনিষ্ট কৰিছে দৰিদ্ৰ কৃষকৰ খেতি পথাৰ। প্ৰশ্ন হয়, দীৰ্ঘদিনীয়া সমস্যাটো ৰোধ কৰাত কিয় বাৰে বাৰে ব্যৰ্থ হৈছে বনবিভাগ কিম্বা প্ৰশাসন। অনাগত দিনত বনবিভাগ সক্ষম হ'ব নে বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ, সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in