বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, বিহালীঃ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথ জিলাৰ জৰাবাৰীত বিহালী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি জৰাবাৰী বালিপুখুৰীত অসম কাৰিকৰী উচ্চ শিক্ষা বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনে আয়োজন কৰা এখন বিশাল ৰাজহুৱা সভাত ভাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

অসমত কাৰিকৰী উচ্চ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিহালীত স্থাপন হ'বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনে বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয়- 'বৈজ্ঞানিক মানসিকতাৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্ম দ্ৰুত প্ৰগতিৰ দিশত আগুৱাই যাব লাগিব। এই মহাবিদ্যালয়খনে দক্ষ মানৱ সম্পদ গঢ় দিয়াত নিশ্চয়কৈ দায়িত্বশীল ভূমিকা পালন কৰিব এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনে।'

প্ৰায় ৫সহস্ৰাধিক ৰাইজ উপস্থিত থকা আজিৰ সভাখনত শিক্ষামন্ত্ৰী সিদ্ধাৰ্ধ ভট্টাচাৰ্যৰ লগতে মন্ত্ৰী ৰঞ্জিত দত্ত আৰু পল্লৱলোচন দাসো উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in