২০২২ৰ আগষ্টৰ পৰা বিদ্যুৎ উৎপাদন হ’ব সোৱণশিৰি প্ৰকল্পতঃ আছুৰ সম্পাদকক সদম্ভে ঘোষণা এন এইচ পি চিৰ…

২০২২ৰ আগষ্টৰ পৰা বিদ্যুৎ উৎপাদন হ’ব সোৱণশিৰি প্ৰকল্পতঃ আছুৰ সম্পাদকক সদম্ভে ঘোষণা এন এইচ পি চিৰ…

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ ,ধেমাজি ,মাজুলীৰ ৰাইজক মৃত্যু মুখলৈ ঠেলি দি হলেও সোৱণশিৰি প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ বদ্ধ পৰিকৰ এন এইচ পি চি ৷বহু বিতৰ্কৰ মাজেৰে বাৰেপাচি ভুল ,মিথ্যাচাৰ আৰু দুৰ্বল আন্তঃগাঁথনিৰ দ্বাৰা নিৰ্মিত সোৱণশিৰি নিৰ্মীয়মান বৃহৎ বান্ধৰ ওপৰত প্ৰাকৃতিক বিপৰ্যয় অব্যাহত আছে যদিও ৰোষ্ট প্ৰকৃতিৰ ওচৰত হাৰ মনা নাই বহুজাতিক নিৰ্মাণ সংস্হা এন এইচ পি চি ৷

দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ ,ৰাজ্যৰ বিশেষজ্ঞ কমিটিৰ মতামত সকলো বোৰ উপেক্ষা কৰি কৰ্পৰেট চৰিত্ৰ অটুত ৰাখি এন এইচ পি চি য়ে ৰাজ্যৰ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদী জনতাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি মইমতালিৰে উত্তৰ পাৰৰ ৰাইজৰ মুৰৰ ওপৰত জলব'মা সদৃশ বৃহৎ নদী বান্ধ যি কোনো মূল্যৰ বিনিময়ত নিৰ্মাণ কৰি উলিয়াব ৷ সেই কথাকে আজি স্পষ্ট ৰূপত সদৌ অসম ছাত্ৰ সন্হাৰ নেতৃত্বক এন এইচ পি চি য়ে অৱগত কৰে ৷

উল্লেখ্য যে বিগত পা্ঁচ দিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত অব্যাহত থকা প্ৰাকৃতিক প্ৰলয় আৰু ইয়াৰ ফলত হোৱা ভূমিস্খলনে গেৰুকামুখৰ পাহাৰ খহাই আনি বিতৰ্কিত বৃহৎ নদী বান্ধটোৰ ডাইভাৰ্চন টানেল এটা বন্ধ কৰি পেলায় ৷ আজি সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ সৈতে এটা প্ৰতিনিধি দলে এই ঘটনাৰাজি বুজ লোৱাৰ অৰ্থত গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পস্হলীত উপস্থিত হয় ৷

বিতৰ্কিত বৃহৎ নদী বান্ধটোৰ পৰিদৰ্শন কালত আছুৰ সম্পাদক গৰাকীক অহা বছৰ আগষ্ট মাহৰ পৰা সোৱণশিৰি প্ৰকল্পত বিদ্যুৎ উৎপাদন হ'ব বুলি প্ৰকল্পটোৰ পাৱাৰ প্ৰডাকচন মেনেজাৰে সদম্ভ অৱগত কৰে ৷জলবিদ্যুৎ প্ৰকল্পটোৰ ভিউ পইন্টত অৱস্হান কৰি এন এইচ পি চি ৰ বিষয়া গৰাকীয়ে আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাক কয় " অহা বছৰ আগষ্টত মাহত আপুনি ইয়ালৈ আহিব আমি একেলগে ইয়াত বহি চাহ খাম আৰু প্ৰকল্পটোৰ বিদ্যুৎ উৎপাদন চাম ৷" বিষয়া গৰাকীয়ে ছাত্ৰ নেতা গৰাকীক অৱগত কৰে যে ক'ভিড সৃষ্ট ল'ক ডাউনৰ সময়ত এন এইচ পি চি য়ে প্ৰকল্পটোৰ ৩৫% নিৰ্মাণ কাৰ্য আগবঢ়ালে ৷ তদুপৰি যোৱা তিনি মাহত প্ৰকল্পটোৰ ২১% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল ৷

এন এইচ পি চি ৰ বিষয়া গৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি শংকৰজ্যোতি বৰুৱাই অসমীয়া প্ৰতিদিনক কয় " দল সংগঠন আৰু জনসাধাৰণক অন্ধকাৰত ৰাখি এন এইচ পি চি য়ে গোপনে নদী বান্ধৰ কাম আগবঢ়াইছে ৷ যাৰ ফলশ্ৰুতিত এতিয়া ইটোৰ পিছত সিটোকৈ বিপৰ্যয় প্ৰত্যক্ষ কৰা হৈছে ৷ পাহাৰ খহিছে ,টানেল ভাঙিছে ,টানেল বন্ধ হৈছে ৷এই কথাই অসমৰ বিশেষজ্ঞই কোৱা কথাক প্ৰমাণ কৰিছে ৷তেওঁলোকে আমাৰ বিশেষজ্ঞৰ কথা শুনিব লাগিব ৷ দল সংগঠনৰ দাবী মানিব লাগিব ৷ খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ বুলি দাবী কৰা ৰাজ্য চৰকাৰে ৰাইজৰ পক্ষ ল'ব লাগিব এই সময়ত।

যদি সেয়া নকৰি বান্ধলবীৰ পক্ষ লয় ভৱিষ্যতে ৰাইজে সন্মুখীন হ'ব লগীয়া প্ৰতিটো বিপদৰ দায়িত্ব এই খন চৰকাৰে মুৰ পাতি ল'ব লাগিব ৷ সদৌ অসম ছাত্ৰ সন্হাৰ এটা চৰিত্ৰ আছে ৷ যদি ৰাজপথৰ আন্দোলনৰ ভাষা চৰকাৰে নুবুজে তেন্তে আইনী যুঁজৰ সহায় লয়। এই বান্ধৰ ক্ষেত্ৰত আমি সেইতোৱে কৰিম ৷ ৰাজপথত আন্দোলন তীব্ৰতৰ হ'ব আৰু একে সময়ত সবল ৰূপত বান্ধটোৰ বিৰুদ্ধে আইনী যুঁজ হ'ব ৷

স্মৰ্ত্তব্য যে প্ৰায় দুবছৰীয়া মৌনতাৰ অন্তত আজি সদৌ অসম ছাত্ৰ সন্হাই পুণৰ গেৰুকামুখত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে শেহতীয়া স্হিতি স্পষ্ট কৰিছে ৷ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্প আজি পৰিদৰ্শন কৰি নিৰ্মীয় মান মূল বান্ধ আৰু প্ৰকল্পৰ চৌহদত সংঘটিত প্ৰাকৃতিক বিপৰ্যয় প্ৰত্যক্ষ কৰি আশ্বৰ্য প্ৰকাশ কৰে আৰু অধিক দৃঢ়তাৰে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে এক গণ আন্দোলন পুণৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in