প্ৰদূষণ প্ৰমাণপত্ৰৰ কেলেংকাৰী শীৰ্ষক বাতৰিৰ পাছতেই পৰিবহন বিভাগৰ তৎপৰতা…

প্ৰদূষণ প্ৰমাণপত্ৰৰ কেলেংকাৰী শীৰ্ষক বাতৰিৰ পাছতেই পৰিবহন বিভাগৰ তৎপৰতা…
  • মহানগৰীৰ প্ৰদূষণৰ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰত ব্যাপক অনিয়ম।
  • বামুণীমৈদাম-নিউ গুৱাহাটীস্থিত পলিউশ্যন টেষ্টিং চেন্টাৰত গ্ৰাহকৰ পৰা অধিক ধন লোৱাৰ অভিযোগ।
  • ম্যাদ উকলা প্ৰদূষণ প্ৰমাণপত্ৰৰ জৰিমনা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ বিপৰীতে সংগ্ৰহ কৰিছিল নিজাকৈ।
  • এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত সবিস্তাৰে প্ৰকাশ হৈছিল এক প্ৰতিবেদন।
  • বিষয়টো দৃষ্টিগোচৰ কৰা হৈছে পৰিবহন আয়ুক্ত, কামৰূপ মহানগৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰ পৰিবহন বিষয়াক।
  • এই সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰটোৰ মালিক আৰু কৰ্মচাৰীয়ে সাংবাদিকক দিছিল ভাবুকি।
  • এই প্ৰতিবেদনৰ পাছতেই বিষয়টো গুৰুত্বসহকাৰে লৈছে কামৰূপ মহানগৰ পৰিবহন বিষয়াই।
  • এই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি জনাইছে কামৰূপ মহানগৰ পৰিবহন বিষয়াগৰাকীয়ে।
  • বিষয়টো ইতিমধ্যে দৃষ্টিগোচৰ হৈছে পৰিবহন আয়ুক্তৰো।
  • এই সন্দৰ্ভত তাৎক্ষণিক অনুসন্ধানৰ পদক্ষেপ লৈছে আয়ুক্তগৰাকীয়েও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in