বিগ বজাৰত বিগ অফাৰ, কম দামতে কিনক প্ৰয়োজনীয় সামগ্ৰী

বিগ বজাৰত বিগ অফাৰ, কম দামতে কিনক প্ৰয়োজনীয় সামগ্ৰী

ডিজিটেল ডেস্কঃ এইকেইদিনত আপোনাৰ অথবা পৰিয়ালৰ কোনো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলগীয়া আছে নেকি? যদি আছে তেনেহলে আপুনি এই সামগ্ৰীসমূহ বজাৰ কৰক বিগ' বজাৰৰ পৰা। কিয়নো বিগ' বজাৰে গ্ৰাহকৰ বাবে প্ৰদান কৰিছে বিগ অফাৰ।

অহা ২৩ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈকে এই ৫ টা দিনত বিগ' বজাৰে গ্ৰাহক সকলক অধিক ৰেহাই মূল্যত প্ৰদান কৰিব নিত্য প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী। বিগ' বজাৰৰ চি ই অ' সদাশিৱ নায়কে সোমবাৰে এই অফাৰৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।

বিগ বজাৰৰ এই অফাৰত আপুনি নিৰ্বাচিত কিছু সামগ্ৰী অধিক ৰেহাই মূল্যত পোৱাৰ লগতে ৩০০০ টকা বজাৰ কৰিলে লাভ কৰিব ২০ শতাংশ কেছবেক। ইয়াৰ উপৰিও কোনো গ্ৰাহকে যদি ৫০০ টকাৰো অধিক বজাৰৰ মূল্য কাৰ্ডৰ যোগে আদায় কৰে তেতিয়া সেই গ্ৰাহকে লাভ কৰিব ৭ শতাংশ ৰেহাই।

আনহাতে ৫০০০ হাজাৰ টকাৰো অধিক মূল্যৰ সামগ্ৰীৰ মূল্য কাৰ্ডৰ জৰিয়তে আদায় কৰিলে লাভ কৰিব ১০ শতাংশ ৰেহাই। কেৱল এয়াই নহয় গ্ৰাহক সকলে পে টি এম যোগে লাভ কৰিব গিফ্ট ভাউচাৰো। যি ভাউচাৰৰ যোগে গ্ৰাহকে ৫০ শতাংশৰ লৈকে ৰেহাই মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিব। ইয়াৰোপৰি বিগ বজাৰে ঘৰুৱা বিভিন্ন সা-সামগ্ৰীৰ পৰা আদি কৰি সৌন্দৰ্যচৰ্চাৰ বিভিন্ন ক্ৰীম, পুৰুষ-মহিলশিশুৰ কাপোৰো অধিক ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব এই ৫ টা দিনত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in