শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

ট্ৰাম্পে বিচ্ছিন্নতা আৰু উচ্ছলতা উপভোগ কৰেঃ জো ৱাইডেন…

59

ডিজিটেল ডেস্কঃ ডেমক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো ৱাইডেনে অভিযোগ কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিচ্ছিন্নতা আৰু উচ্ছলতা উপভোগ কৰে আৰু কোভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যৰ্থতাৰ পৰা মানুহৰ মনোযোগ আঁতৰাবলৈ যিকোনো কাম কৰিব পাৰে।

শুক্ৰবাৰে মিচিগানৰ চাউথফিল্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কয় যে কোভিড-১৯ ৰ ওপৰত ট্ৰাম্পৰ নীতিৰ ফলত দেশৰ যথেষ্ট মূল্য পৰিশোধ কৰিব লগা হৈছে।

তেওঁ কয়,”ঘৃণা কেতিয়াও শেষ নহয়। ই কেৱল লুকাই থাকে আৰু যেতিয়াই সুযোগ পাই তেতিয়াই বাহিৰলৈ আহে।“ আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ পৰা সাধাৰণ লোকলৈকে ঘৃণাৰ বাবে কোনো স্থান নাই।ৱাইডেনে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে বিচ্ছিন্নতাক বাৰুকৈয়ে উপভোগ কৰে দেশ ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ বিফলতা সমূহ ঢাকি জনসাধাৰণৰ মনোযোগ পাবলৈ তেওঁ যিকোনো কাম কৰিব পাৰে।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে, ট্ৰাম্পে এতিয়াও স্বপ্নৰ পৃথিৱীত বাস কৰি আছে আৰু নিৰন্তৰ আমেৰিকাৰ জনসাধাৰণক কৈ আছে যে এক অলৌকিক ঘটনাৰ দৰে কোভিড ভাইৰাছ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব বুলি বিশ্বাস কৰি আছে।  

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি