বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰী আৰু নাই…

বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰী আৰু নাই…

ডিজিটেল ডেস্কঃ বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰী আৰু নাই। ২০ ছেপ্টেম্বৰৰ আৱেলি গুৱাহাটীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে। অসমৰ বাওপন্থী আন্দোলনৰ অসমৰ সাংস্কৃতিক দিশত অন্যতম শিল্পী আছিল বিভুৰঞ্জন চৌধুৰী।

ভাৰতীয় গণনাট্য সংঘৰ এসময়ত নেতৃত্বত আছিল বিভুৰঞ্জন চৌধুৰী। সেই সময়ত ভাৰতীয় গণ নাট্য সংঘৰ অসমৰ সাংস্কৃতিক প্ৰেক্ষাপট তুলি ধৰিছিল এইগৰাকী মহান শিল্পীয়ে। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বিভুৰঞ্জন চৌধুৰীক ১০ দিনৰ পূৰ্বে ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

সাধাৰণ ৰাইজৰ মনৰ কথা সুৰৰ সাধনাৰে তুলি ধৰিছিল তেওঁ। ভাৰতীয় গণ নাট্য সংঘই এইগৰাকী সাংস্কৃতিক কৰ্মীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে। গণ নাট্য সংঘৰ ৰাজ্যিক উপ সভাপতি মুকুল দত্তই কয় যে, তেখেতৰ মৃত্যুৱে অসমৰ বাওপন্থী সাংস্কৃতিক আন্দোলনত ব্যাপক ক্ষতি কৰিলে। তেওঁৰ দৰে মহান ব্যক্তিত্বৰ অনুপস্থিতি আমি সদায় অনুভৱ কৰিম।

চিপিএমৰ নেতা সুপ্ৰকাশ তালুকদাৰেও এইগৰাকী গণ শিল্পীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে। সন্মিলিত গণ সাংস্কৃতিক মঞ্চয়ো গভীৰ শোক ব্যক্ত কৰিছে তেখেতৰ মৃত্যুত। স্বৰাজ অসমৰ হৈ ভৱেন সন্দিকৈয়েও এই গণ শিল্পীগৰাকীৰ মৃত্যুত অসমীয়া জাতি আৰু বাওপন্থী আন্দোলনত ব্যাপক ক্ষতি হোৱা বুলিও মন্তব্য কৰে। দেউৰী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হৰি গোবিন্দ দেউৰীয়েও তেখেতৰ মৃত্যুত শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in