ভূটিয়াচাঙত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ পানেৰী থানা অন্তৰ্গত ৫ নং ভূটিয়াচাঙৰ ছহিদ বন্দনা বিদ্যালয়ৰ কাষত শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত মাৰ্কুচ বাৰ্লা নামৰ এগৰাকী ৫৫ বছৰীয়া কৃষকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে৷

জানিব পৰা অনুসৰি খাদ্যৰ সন্ধানত নোনাই-খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ওলাই অহা বনৰীয়া হাতীৰ জাক এটাই ভূটিয়াচাং চাহ বাগিছাত আশ্ৰয় লৈ শনিবাৰৰ সন্ধিয়াৰে পৰা নিকটৱৰ্তী জনবসতিপূৰ্ণ এলেকাত সোমাই উপদ্ৰৱ চলাই থকাৰ মাজতে ৫নং ভূটিয়াচাঙৰ মাৰ্কুচ বাৰ্লাই বাৰীত সোমাই থকা বনৰীয়া হাতী খেদিবলৈ চেষ্টা কৰোতেই হাতীয়ে ওলোতাই আক্ৰমণ কৰাত কৃষকজনৰ থিতাতে মৃত্যু ঘটে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in