নগাঁৱৰ ভূৰবন্ধাত অব্যাহত আছে গৰাখহনীয়া

নগাঁৱৰ ভূৰবন্ধাত অব্যাহত আছে গৰাখহনীয়া

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ বৃহত্তৰ ভূৰবন্ধা অঞ্চলত গৰাখহনীয়া আৰু বান সমস্যা আজিৰ নহয়। দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি আহিছে যদিও আজি পৰ্যন্ত চৰকাৰে  স্থায়ী সমাধানৰ বাবে কোনো  ব্যৱস্থা গ্ৰহণ কৰা নাই।

বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে ভয়াৱহ খহনীয়া। বান আৰু খহনীয়া ৰোধৰ দাবীৰে আজিৰে পৰা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে স্থানীয় লোকে।

ভূৰবন্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৪নং ভূৰবন্ধাত অনশন কাৰ্যসূচী আৰম্ভ কৰিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in