ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ভূপেশ বঘেলে

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ভূপেশ বঘেলে

ডিজিটেল ডেস্কঃ ভূপেশ বঘেলে সোমবাৰে সন্ধিয়া ছত্তীশগড়ৰ তৃতীয় সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত লয়। ৰাজ্যখনৰ ৰাজ্যপাল আনন্দিবেন পেটেলে তেওঁৰ মুখ্যমন্ত্ৰী শপত বাক্য আৰু গোপনীয়তা পাঠ কৰোৱায়। ইফালে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত সোমবাৰে কংগ্ৰেছ নেতা টি এছ সিং দেৱ আৰু তাম্ৰধ্বজ চাহুৱেও মন্ত্ৰীপদৰ শপত লয়।

সোমবাৰে মহা আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, জ্যেষ্ঠ নেতা মোতিলাল বোৰা, মল্লিকাৰ্জুন খড়গে, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। উল্লেখ্য যে, সম্পূৰ্ণ ১৫ বছৰৰ পিছত ছত্তীশগড়ত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in