গোলাঘাটত সুধাকন্ঠৰ জন্মদিন উদযাপন,প্ৰতিমূৰ্তিৰ সমুখত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন …

গোলাঘাটত সুধাকন্ঠৰ জন্মদিন উদযাপন,প্ৰতিমূৰ্তিৰ সমুখত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন …

ডিজিটেল সংবাদ,গোলাঘাট : মঙলবাৰে গোলাঘাটতো সুধাকন্ঠৰ ৯৪ সংখ্যক জন্মদিৱস পালন কৰা হয় । কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট প্ৰবীণ শিল্পী মঞ্চৰ উদ্যোগত চহৰৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সুধাকন্ঠৰ প্ৰতিমূৰ্তিৰ সমুখত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে দূৰ্গানাথ নেওগে।

ইয়াৰ পাছতে সমূহীয়াকৈ মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰি অনুষ্ঠানৰ সামৰণি মৰা হয়। অনুষ্ঠানত সুধাকণ্ঠৰ একালৰ সহযোগী বাদ্যশিল্পী হিমেন দাসকে ধৰি ৰেকিব শ্বাহ, ছাচুদ্দিন আহমেদ আৰু অধ্যাপক যদুমণি দাসো উপস্থিত থাকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in