বটদ্ৰৱাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন উদযাপন…

বটদ্ৰৱাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ হিয়াৰ আমঠু ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বটদ্ৰৱাত উদযাপন কৰা হয়। এই উপলক্ষে আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বটদ্ৰৱা শ্ৰীমন্ত শংকৰেৱ গৱেষণা প্ৰতিষ্ঠানত পুৱাৰ ভাগত সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানৰ আঁতধৰে অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই।

বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গিৰিশ বৰুৱাই সুধাকন্ঠৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পিছতে উপস্থিত সকলোৱে পুষ্পাঞ্জলি অৰ্পন কৰা হয়। জাতীয় জীৱনৰ কিম্বদন্তি স্বৰূপ শিল্পীসত্বাৰ পুৰোধা মহীয়ান সংগীত সূৰ্যৰ বৈচিত্ৰময় বৰ্ণিল জীৱন পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই।

সম্পাদক হৰি নাৰায়ণ কোঁৱৰৰ পৰিবেশনত "মানুহে মানুহৰ বাবে" কালজয়ী গীতেৰে জীপাল হোৱা হোৱা অনুষ্ঠানটিত আলিপুখুৰী শাখা সাহিত্য সভাৰ উপসভাপতি ইয়াচিন আলি, সদস্য প্ৰশান্ত ভৰালী, মন্টু বৰা, বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতা, উপ সভাপতি দিব্যজ্যোতি বৰুৱা, উপেন শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

আনহাতে বটদ্ৰৱাৰ হাটিচোং শংকৰদেৱ চিত্ৰ কলা বিদ্যালয়তো সুধাাকন্ঠৰ জন্ম জয়ন্তী দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। দেওবাৰে পুৱা প্ৰাৰ্থনাৰ পাছত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্ন্মুখত বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ চিত্ৰ কলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণ বেজবৰুৱাা আৰু মাল্যৰ্পন কৰে মিহিৰ ভূঞাই।

নটৰাজ পূজন অনুষ্ঠানটি সম্পন্ন কৰে সংস্কাৰ ভাৰতীৰ উত্তৰ পূৱৰ প্ৰশিক্ষণ সংযোজক পৰাগ জ্যোতি কলিতাই। ইয়াৰ পাছতে মুকলি সভাত ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে শিল্পী ৰাজীৱ কলিতাই। অজিত চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানটি শ্যামলী শইকীয়াকে প্ৰমুখ্য কৰি বিদ্যালয় খনৰ ছাত্ৰী ছাত্ৰ, অভিভাৱক অভিভাবিকা সকল উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in