যি মন যায় কৈ থাকক অখিল গগৈয়েঃ ভূপেন বৰা…

যি মন যায় কৈ থাকক অখিল গগৈয়েঃ ভূপেন বৰা…

ডিজিটেল ডেস্কঃ অসমৰ বিৰোধী ৰাজনীতিৰ এতি অভিকেন্দ্ৰ নতুন দিল্লী হৈ পৰিছে। AIUDFৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছত কংগ্ৰেছে নতুন সংগীৰূপে কাক ল'ব সেয়া এতিয়া চৰ্চাৰ নতুন বিষয় হৈছে। AIUDFথাকিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্ভৱ নহয় বুলি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মন্তব্য কৰিলেও কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ সমীকৰণ এতিয়াও মিলি অহা নাই।

কংগ্ৰেছৰ একাংশ নেতাই অখিল গগৈৰ সন্দৰ্ভত কৰা মন্তব্য আৰু অখিল গগৈয়ে কংগ্ৰেছক লৈ কৰা প্ৰতিক্ৰিয়াৰ বাবেই উপনিৰ্বাচনৰ পূৰ্বে দুই দলৰ মাজৰ মিত্ৰতা পৰিৱেশ বিনষ্ট হোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আক্ষেপ ব্যক্ত কৰিছে। দিল্লীত ৰাহুল গান্ধীক অখিল গগৈয়ে সাক্ষাত কৰাৰ পাছত দলটোৰ আন জ্যেষ্ঠ নেতাসকলৰ সৈতেও মিত্ৰতাৰ প্ৰসংগত অখিল গগৈ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি খবৰ আহিছে।

তাৰ মাজতে দিল্লীলৈ উৰা মৰা প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে দিল্লীলৈ যোৱা প্ৰাকমূৰ্হূতত অখিল গগৈয়ে পৰিৱেশ নষ্ট কৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দৰে ব্যক্তি বিধানসভালৈ নিৰ্বাচিত হৈ আহিব লাগে বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

এই মন্তব্যৰ পাছতে, কংগ্ৰেছ আৰু এজেপিৰ মাজত মিত্ৰতাকেন্দ্ৰিক বৰফ গলিব পাৰে বুলিও অনুমান কৰিছে বিভিন্নজনে। শুকুৰবাৰে নতুন দিল্লীত অখিল গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ভূপেন বৰাই। বৰাই কয়, অখিল গগৈয়ে যি কয় কৈ থাকক। আমাৰ মূল লক্ষ্য বিজেপিহে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্য পুনৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা সম্ভাৱনা যে শেষ হোৱা নাই সেই ইংগিতেই প্ৰকাশ কৰিলে। উল্লেখ্য যে, অসমত ৬টা বিধানসভা সমষ্টিৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হব। অৱশ্যে এতিয়ালৈকে উপ নিৰ্বাচন কেতিয়া হব সেই সন্দৰ্ভত নিৰ্বাচন আয়োগে কোনো ঘোষণা কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in