ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ উতপ্ত পৰিস্থিতি..

ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ উতপ্ত পৰিস্থিতি..


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত আজি এগৰাকী মহিলাৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁও খনৰ আব্দুল হাইৰ জীয়ৰী আফিয়া খাতুন জুৰিয়া থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱৰ আৰফান আলীৰ পুত্ৰ নাচিৰ উদ্দীনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল প্ৰায় ২২ বছৰ পূৰ্বে । কিন্তু বিয়াৰ পিছৰে পৰাই স্বামীগৃহত অকথ্য নিৰ্যাতন চলাইছিল মহিলা গৰাকীক ।

যাক লৈ কেইবাবাৰো ৰাইজ মেল পাতি স্বামী স্ত্ৰীক ৰাইজে একে লগে থকাৰ পৰামৰ্শ দিছিল । কিন্তু বিয়াৰ ২০ টা বছৰৰ পাছতো নিৰ্যাতন চলাই থকাত উপায়হীন হৈ আফিয়া খাতুনে বৰপুত্ৰক লগত লৈ শুকুৰবাৰে মাতৃ গৃহলৈ ঘূৰি আহে আৰু অসুস্থ হৈ পৰে।

ইতিমধ্যে স্বামীগৃহৰ অত্যাচাৰত শয্যাশায়ী হৈ অৱশেষত শনি বাৰে অকাল মৃত্যুক সাৱতি লয়। ইফালে আফিয়া খাতুনৰ মৃত্যুক সহজ ভাৱে ল'ব পৰা নাই পিতৃৰ পৰিয়ালে। অৱশেষত বটদ্ৰৱা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ স্বামী নাচিৰ উদ্দীন আৰু তেওঁৰ ভাতৃক আটক কৰাৰ বিপৰীতে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পাছতেই উতপ্ত হৈ পৰে সমগ্ৰ অঞ্চল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in