বৃদ্ধি নহ’ব পাৰে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা! কি ক’লে কংগ্ৰেছ সাংসদে…

বৃদ্ধি নহ’ব পাৰে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা! কি ক’লে কংগ্ৰেছ সাংসদে…
  • বুধবাৰে সংসদৰ অন্তিম দিনটোত ৰাজ্য সভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা ক্ষীণ ।
  • মঙলবাৰে বিৰোধী দলৰ তীব্র বিৰোধিতাৰৰ ফলত বুধবাৰৰ দিনৰ ১১ বজালৈ স্থগিত ৰখা হয় ৰাজ্য সভাৰ কাম-কাজ।
  • বুধবাৰৰ কাৰ্য্যক্ৰমণিকাত প্ৰাধান্য দিয়া হ'ব ৰাষ্ট্ৰপতিৰ ভাষণৰ আলোচনা আৰু একে বিষয়ত ধন্যবাদ সূচক প্ৰস্তাৱ।
  • তাৰ সমান্তৰালকৈ প্ৰাধান্য দিয়া হ'ব বাজেটৰ আলোচনা আৰু বাজেট গৃহীতকৰণত।
  • যদি সময় থাকে, তেন্তে বিজনেজ এডভাইছ'ৰী কমিটী (Business Advisory Committee)ত শাসক-বিৰোধীয়ে সহমতত উপনীত হোৱা ৬ বিধেয়ক উত্থাপিত হ'ব পাৰে ৰাজ্য সভাত।
  • দিল্লীত এই কথা সদৰী কৰে ৰাজ্য সভাৰ কংগ্ৰেছৰ সাংসদ ভূৱনেশ্বৰ কলিতাই।
  • লগতে তেওঁ কয়- 'ৰাজ্য সভাৰ সভাপতিয়েও শেষ দিনটোত ৰাষ্ট্ৰপতিৰ ভাষণ আৰু বাজেট আলোচনা কৰাৰ পক্ষত মত পোষণ কৰিছে'
  • 'আনহাতে, ৰাজ্য সভাৰ সময়সীমা বৃদ্ধি কৰাৰ যদিও সংসদীয় পৰিক্ৰমা বিজয় গোৱেলে প্ৰস্তাৱ আগবঢ়াইছিল; কিন্তু বিৰোধীয়ে আপত্তি দৰ্শায়।'
  • 'সেয়ে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাৰ সময়সীমা বৃদ্ধিৰ সম্ভৱনাও ক্ষীণ।'
  • 'তেনেস্থলত নাগৰিকত্ব সংশোধনী বিধেয়ক বুধবাৰে উত্থাপন হোৱাৰ সম্ভাৱনা ক্ষীণ।'
  • অৱশ্যে নিয়ম বহিঃৰ্ভূতভাৱে শাসক দলটোৱে বিধেয়কখন উত্থাপনৰ প্ৰচেষ্টা চলাব পাৰে বুলি আশংকা সকলো দল-সংগঠনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in