ভোটেপোৱাবড়ী আঞ্চলিক বেডমিন্টন ক্লাবৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানি খেলৰ বঁটা বিতৰণ

ভোটেপোৱাবড়ী আঞ্চলিক বেডমিন্টন ক্লাবৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানি খেলৰ বঁটা বিতৰণ

ডিজিটেল সংবাদ,শালবাৰীঃ যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ভোটেপোৱাবড়ী শ্ৰীশ্ৰীনৰসিংহ কীৰ্তনঘৰ প্ৰাঙ্গণত ভোটেপোৱাবড়ী আঞ্চলিক বেডমিন্টন ক্লাৱৰ উদ্যােগত অনুষ্ঠিত প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাখন ৪ ফেব্ৰুৱাৰীত বিপুল দৰ্শকৰ উপস্থিতিত সামৰণি পৰে৷

সৰ্বমুঠ ৩৪ টা দলৰ মাজত অনুষ্ঠিত উক্ত প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ লাভ কৰে পাঠশালাৰ কৌস্তৱ দেৱ চৌধুৰী আৰু কঙ্কন দাসে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ভোটেপোৱাবড়ীৰ প্ৰাঞ্জল দাস আৰু হীৰকজ্যোতি দাসে৷ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কৌস্তৱ দেৱ চৌধুৰীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in