প্ৰদূষিত হৈ পৰিছে ভোগদৈ নৈৰ পানীঃ উপঙি উঠিছে মৎসকূল, খোৱাপানীৰ বাবে হাঁহাকাৰ ৰাইজৰ…

প্ৰদূষিত হৈ পৰিছে ভোগদৈ নৈৰ পানীঃ উপঙি উঠিছে  মৎসকূল, খোৱাপানীৰ বাবে হাঁহাকাৰ ৰাইজৰ…

ডিজিটেল সংবাদ, মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি প্ৰবাহিত ভোগদৈ নৈৰ পানী সেৱন কৰি জিলা খনৰ লাখ লাখ লোকে জীৱন নিৰ্বাহ কৰি আহিছে। নগা পাহাৰৰ অসংখ্য সৰু বৰ জান জুৰিৰ পানী বক্ষত লৈ অসমলৈ নামি অহা ভোগদৈ নৈখন অতীতৰ পৰাই কেৱল মৰিয়নীয়ে নহয়, সমগ্ৰ যোৰহাটৰে হৃদস্পন্দন স্বৰূপ। কিন্ত ভোগদৈ নদীৰ পানী যোৱা কিছু দিনৰ পৰা ব্যাপক ৰূপত প্ৰদূষিত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যোৱা এসপ্তাহ মানৰ পৰা নৈখনৰ পানীত অস্বাভাবিক ভাবে মৰিছে মাছকে ধৰি নৈ খনত থকা জলজ প্ৰানী। নৈখনৰ পানীৰ বৰণ অধিক ঘোলা আৰু আঠা হৈ পৰাৰ লগতে টেঙা হৈ পৰিছে। এসপ্তাহ মানৰ পূৰ্বে ঘটনাটো প্ৰত্যক্ষ কৰে ভোগদৈ নৈৰ পাৰত অৱস্থিত দিচৈ চাহ বাগিচা আৰু কঠালগুৰি চাহ বাগিছাৰ ৰাইজে।

যুগ যুগ ধৰি নৈখনৰ পানী ব্যৱহাৰ কৰি অহা বাগিছা দুখনৰ ৰাইজে পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰা বুলি বাগিছা কতৃপক্ষক অৱগত কৰায়। বাগিছা কৰ্তপক্ষই লগে লগে ভোগদৈ নৈৰ পানীৰ নমুনা সংগ্ৰহ কৰি যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিক্ষাগাৰলৈ প্ৰেৰণ কৰাত পানীত পি এইছ ভেলু কমি যোৱা আৰু মেংগানিজৰ পৰিমান বাঢ়িযোৱা বুলি পৰীক্ষাত পোহৰলৈ আহে। পৰীক্ষাগাৰৰ প্ৰতিবেদনত নৈৰ পানীত পি এইছ ভেলু পোৱা গৈছে ৩'৮৯ । কিন্ত নদীখনৰ পানীত পি এইছ ভেলু থাকিব লাগে ৬'৫ ৰ পৰা ৮'৫। অনুৰূপ ধৰনে মেংগানিজৰ পৰিমান থাকিব লাগে ০'১ ৰ পৰা ০'৩ মিলিগ্ৰাম বৰ্ত্তমান ভোগদৈ নৈৰ পানীত মেংগানিজৰ পৰিমান বাঢ়ি গৈ পাইছে ১'৬৮ মিলিগ্ৰাম।

জানিব পৰা মতে পানী অত্যাধিক প্ৰদুষিত হলে (পাৱাৰ অৱ হাইড্ৰজেন) পি এইছ ভেলু কমি পানীৰ পোষকতত্ব কমি যায়। আনহাতে, পানীত মেংগানিজৰ পৰিমান বাঢ়িলে পানীৰ সোৱাদ টেঙাহৈ পৰে আৰু এই পানী বেছিদিন সেৱন কৰিলে শৰীৰত বিভিন্ন উপসৰ্গয়ে দেখা দিয়ে। ভোগদৈ নৈৰ পৰা পানী উত্তোলন কৰি মজুত কৰা ৰেল বিভাগৰ বৃহৎ পুখুৰীত অস্বাভাবিক ভাবে মৰিছে শ শ সৰু ডাঙৰ মাছ। মৰিয়নী নগৰ পানী যোগান আঁচনিৰ পানী আৰু ৰেল বিভাগে যোগান ধৰা খোৱা পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰাৰ অভিযোহ পোৱা গৈছে। নৈ খনৰ পানী মজুত কৰা ৰেলৱেৰ পুখুৰীত মৰি পানীত উপঙি উঠিছে বৃহৎ আকাৰ ৰৌ বাহুকে ধৰি অসংখ্য মাছ। বিগত এসপ্তাহ মানৰ পৰা পুখুৰীটোত উৎকত দুৰ্গন্ধৰ সৃষ্টি হৈছে যদিও অদ্যাপি ৰেল কৰ্তৃপক্ষয়ে বিষয়তো গুৰুত্ব প্ৰদান কৰা নাই। ইতিমধ্যে মৰিয়নী নগৰ পানী যোগান আচনি কৰ্তপক্ষই বিষয়তো যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগক অবগত কৰিছে যদিও সমস্যাটোৰ সমাধান হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in