ভোগালী বিহু উপলক্ষে কামপুৰত পৰম্পৰাগত খেল, চাওঁক VIDEO

ভোগালী বিহু উপলক্ষে কামপুৰত পৰম্পৰাগত খেল, চাওঁক VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ এতিয়া ভোগৰ উৎসৱ ভোগালীৰ বতৰ । ৰাজ্যৰ চৌদিশে ভোগালী বিহুৰ আনন্দ-উল্লাস । নগাঁও জিলাৰ কামপুৰতো মাৰ যোৱা নাই ভোগালীৰ ৰং । কামপুৰ কপিলীকান আদৰ্শ গাঁৱৰ ৰাইজে প্ৰায় এমাহজোৰা কষ্টৰে সাজি উলিয়ালে ৰংঘৰৰ আৰ্হিৰে ভেলাঘৰ । আৰু সেই ভেলাঘৰৰ বাকৰিত বুধ আৰু বৃহস্পতিবাৰে বিভিন্ন পৰম্পৰাগত খেলৰ আয়োজন কৰে স্থানীয় লোকসকলে ।

শাহু-বোৱাৰীৰ মাজত ৰছী টনা খেল, পিঠা বনোৱা প্ৰতিযোগিতা, টেকেলি ভঙা, শব্দ অনুসৰণ ইত্যাদি খেলে আমোদ দিলে সকলোকে । ইফালে শাহু-বোৱাৰীৰ মাজত অনুষ্ঠিত হোৱা ৰছী টনা খেলত শাহুসকলে বোৱাৰীক পৰাস্ত কৰি অভিভূত হৈ পৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in