দুধনৈত ভোগালীক আদৰাৰ প্ৰস্তুতি

দুধনৈত ভোগালীক আদৰাৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ধূপধৰাঃ অগ্নিগৰ্ভ অসম৷ জাতীয় অস্তিত্ব ৰক্ষাৰ দাবীত সমগ্ৰ অসমত চলিছে আন্দোলন। পিছে ইয়াৰ মাজতে পদুলিমুখ পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু৷ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷

গোৱালপাৰা জিলাৰ দুধনৈতো এতিয়া চলিছে ভোগলীক আদৰাৰ প্ৰস্তুতি। দুধনৈৰ ৰাভা জনগোষ্ঠী অধ্যুষিত দীঘলী গাঁৱতো চলিছে ভোগালীৰ ব্যাপক আয়োজন। গাঁওখনৰ ৰাভা মহিলাসকলে একেলগ হৈ পৰম্পৰা ৰক্ষা কৰি পিঠাপনা তৈয়াৰ কৰাত ব্যস্ত৷ কেৱল পিঠাপনা, চিৰাই নহয়, ভোগালীত আলহীক আদৰাৰ বাবে পৰম্পৰাগত ৰাভা জনগোষ্ঠীয় পানীয়ৰ লগতে আন আন খাদ্য সামগ্ৰীও প্ৰস্তুত কৰাত ব্যস্ত ৰাভা মহিলাসকল৷

আনহাতে যুৱকসকলেও ইতিমধ্যে পথাৰত বিভিন্ন আৰ্হিত ভেলাঘৰ আৰু মেজি সাজি উলিয়াইছে৷ মুঠতে দুধনৈৰ সৰ্বত্ৰে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in