মহানগৰী এৰি গাঁৱলৈ অসমীয়াৰ যাত্ৰা, জনশূন্য হৈ পৰিছে বাট-পথ…

মহানগৰী এৰি গাঁৱলৈ অসমীয়াৰ যাত্ৰা, জনশূন্য হৈ পৰিছে বাট-পথ…

ডিজিটেল ডেস্কঃ আজি উৰুকা। কোৰোনা মহামাৰীৰ মাজতো নৱবৰ্ষত উৰুকা উপলক্ষে ৰাজ্যবাসীৰ মাজত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। উৰুকাত এসাজ লগে ভাগে খোৱাৰ বাবে বুধবাৰে বজাৰত ব্যস্ত দেখা গ'ল জনসাধৰণক ।

দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। ইফালে, মহানগৰীৰ উজান বজাৰ,ছয়মাইল,গনেশগুৰিৰ লগতে বিভিন্ন বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । কিন্তু গুৱাহাটী মহানগৰীত দেখা গ'ল এক বিৰল দৃশ্য।

বুধবাৰে নিশা প্ৰায় ৭.৩০-৮ বজাৰ পৰাই মহানগৰীৰ ৰাজপথত সেৰেঙা হৈ পৰে যান-বাহন। বন্ধ কৰা হয় প্ৰায়বোৰ দোকান-পোহাৰ। নিশা ৮ বজাত গুৱাহাটীৰ বাট-পথত আঙুলিৰ আগত গণিব পৰাকৈ কেইখনমান বাহনহ দেখা গ'ল।কিয়নো আজি ভোগালী। সকলোৰে পৰিয়ালৰ সৈতে মিলি খাইছে এসাজ।

লক্ষণীয় যে, বছৰটোত একমাত্ৰ ভোগালী বিহুৰ সময়তে দেখা যায় এই দৃশ্য। ইয়াৰ কাৰণো অৱশ্যে সকলোৰে জ্ঞাত। গুৱাহাটীৰ সম্পত্তি, অভিজাত জীৱন এটা ত্যাগ কৰি সকলোৱে কেৱল নিজৰ গাঁওখনৰ দিশে যাত্ৰা কৰে।

ভোগালী বিহুৰ এইটো এক বিশেষত্ব। আনৰ ঘৰত কাম কৰা বনোৱা, বাহন চলোৱা চালকেই হওঁক বা মহানগৰীতেই স্থায়ী বাসিন্দা হিচাপে বাস কৰা কোনো লোক হওঁক, প্ৰায় সকলোৱে ভোগালী বিহুৰ দিনটোত মহানগৰীত বাস কৰা পৰিয়ালে এই দিনটোত গাঁৱত থকা ককাৰ সৈতে নাতিক লগ কৰাবলৈ আগবাঢ়ে গাঁৱৰ দিশে।

এয়াই হৈছে ভোগালী বিহু। যি সকলোকে নিজৰ আত্মীয়ৰ কাষ চপাই। এয়াইতো আমাৰ অসমীয়াৰ সংস্কৃতি। উৰুকাৰ দিনটোত সকলোৱে বিচাৰে নিজৰ পৰিয়ালৰ সৈতে এসাজ। সেয়েহে মহানগৰীৰ পৰা দূৰত থকা গাওঁখনলৈ ঢাপলি মেলে সকলোৱে।যাৰ ফলত সন্ধিয়া প্ৰায় ৭ বজাৰ পৰাই যেন জনশূন্য হৈ পৰে মহানগৰীৰ ৰাজপথ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in