মথুৰাপুৰত ভোগালীৰ উল্লাসঃ অসূয়া-অপ্ৰীতি দূৰ কৰি ঐক্য শান্তি কামনাৰে মেজিৰ জুইত আশীষ গ্ৰহণ…

মথুৰাপুৰত ভোগালীৰ উল্লাসঃ অসূয়া-অপ্ৰীতি দূৰ কৰি ঐক্য শান্তি কামনাৰে মেজিৰ জুইত আশীষ গ্ৰহণ…

ডিজিটেল সংবাদ মথুৰাপুৰঃচৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আনন্দ উল্লাসেৰে উদযাপিত কৰিলে ভোগৰ উৎসৱ ভোগালী ৷ পৰম্পৰা ৰক্ষা কৰি উৰুকা সন্ধিয়া ভেলাঘৰত একত্ৰিত হৈ মিলিজুলি এসাঁজ খাই পুৱা মেজিৰ তলত সকলোৱে অসূয়া-অপ্ৰীতি দূৰ কৰাৰ লগতে ঐক্য শান্তি কামনাৰে সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰে ৷ জিলাৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱত ৰাইজে একত্ৰিত হৈ মেজিৰ তলত গুৱাপান, শৰাই নৈবদ্য আগবঢ়াই বছৰটোৰ মঙ্গল কামনা কৰে ৷ বিহুৰ উপলক্ষত অঞ্চলটো বিভিন্ন ৰংধেমালি প্ৰতিযোগিতা আয়োজন কৰা বাতৰি পোৱা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in