ৰাজ্যজুৰি মেজিৰ জুইত ‘কা’ৰ প্ৰতিলিপি দাহ…

ৰাজ্যজুৰি মেজিৰ জুইত ‘কা’ৰ প্ৰতিলিপি দাহ…

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে মঙলবাৰৰ নিশাৰ পৰাই বুধবাৰৰ পুৱালৈকে মেজিৰ জুইত জ্বলিছে 'কা'ৰ প্ৰতিলিপি। আনহাতে, কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে মঙলবাৰৰ পুৱাৰে পৰা বিভিন্ন স্থানত অনশন কাৰ্যসূচী ৰূপায়ন কৰা প্ৰতিবাদীসকলেও মেজিৰ জুইত 'কা'ৰ প্ৰতিলিপি দাহ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায়।সমান্তৰালভাৱে তেওঁলোকে ভুৱা গোচৰত আটক কৰি ৰখা অখিল গগৈসহ অন্যান্য নেতা-কৰ্মীসকলক অবিলম্বে মুক্তি দিয়াৰ দাবী জনাইছে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মেও ৰাজ্যৰ বিভিন্ন স্থানত বুধবাৰে পুৱা মেজিৰ জুইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি এই আইন বাতিল কৰাৰ দাবী জনোৱা হয়। ডিব্ৰুগড়ত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত বৃহৎ সংখ্যক লোকৰ উপস্থিতিত মেজিৰ জুইত কা দাহ কৰা হয়।

এই কাৰ্যসূচীৰ অন্তত লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে সংবিধান বিৰোধী, অসমচুক্তি বিৰোধী আৰু অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী এই আইন বাতিল নকৰিলে পৰিস্থিতি অহা সময়ত ভয়াৱহ হ'ব বুলিও সতৰ্ক কৰি দিয়ে।

একেদৰে ডুমডুমা, কাকোপথাৰ, কোকৰাঝাৰ, নাহৰকটীয়া, ডিগবৈ, নগাঁৱত উপায়ুক্ত কাৰ্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতে আছুৰ কৰ্মীৰ সকলে নাগৰিক সমাজৰ সহযোগত কা দাহ কৰে। লগতে গুৱাহাটী, তেজপুৰ, লখিমপুৰ, ধেমাজিকে ধৰি প্ৰায় সকলো জিলাত প্ৰথমবাৰলৈ উৰুকাৰ মেজি দাহ কাৰ্যসূচীক ৰাইজে জাতীয় অস্তিত্ব তথা পৰম্পৰা ৰক্ষাৰ আন্দোলনৰ এক কাৰ্যসূচী হিচাপে পালন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in