বিজেপিৰ ভৱানীপুৰ সমষ্টিৰ তত্বাৱধায়কৰ বাক্সা-বৰপেটাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন…

বিজেপিৰ ভৱানীপুৰ সমষ্টিৰ তত্বাৱধায়কৰ বাক্সা-বৰপেটাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন…

ডিজিটেল সংবাদ,শালবাৰীঃ বিজেপিৰ ভৱানীপুৰ সমষ্টিৰ তত্বাবধায়কৰ দায়িত্বত থকা তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপী নাথে আজি ৪১ ন ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি বান সাহায্যৰ তদাৰক কৰে৷ সমষ্টিটোৰ এগৰাকী যুৱ বিজেপি নেতা নাগেশ কুমাৰ বৈশ্যই সংগ দিয়া বিজেপিৰ তত্বাবধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ধুমা পথাৰ,কঁঠালমূৰীঘাট,চেংলীমাৰী,পুঠিমাৰী,ডালিমৰভিঠা,উজান বৰবড়ী,গহিনপাৰা,শিঙিমাৰী,লচিমা,কুৰোবাহা,মাজগাঁও,শুকমানাহ,ডাইৰাবাৰী,কঁহৰা পথাৰ,গোমূৰা,ঠেকা,আনন্দ বজাৰ, হাটখোলা আদি অঞ্চল সমুহত পদাৰ্পণ কৰি বানত আক্ৰান্ত দুৰ্দশাগ্ৰস্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশক্ৰমে বিজেপিৰ নতুন সদস্যভৰ্তি কাৰ্যসূচী বন্ধ কৰি বানপীড়িত ৰাইজৰ মাজলৈ অহা বুলি তত্বাবধায়ক গৰাকীয়ে জানিবলৈ দিয়ে৷লগতে অচিৰেই বানাক্ৰান্ত ৰাইজৰ মাজত পাৰ্য্যমানে সাহায্য যোগান ধৰা হ'ব বুলিও সাংবাদিকক জানিবলৈ দিয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in