ভট্টদেৱ বিশ্ববিদ্যালয় বজালীৰ শিক্ষক সংস্থা গঠন…

ভট্টদেৱ বিশ্ববিদ্যালয় বজালীৰ শিক্ষক সংস্থা গঠন…

ডিজিটেল ডেস্কঃ বৃহত্তৰ বজালী জিলাৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুস্থান ঐতিহ্য মণ্ডিত বজালী মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰে আৰু তাৰ লগে লগে ভট্টদেৱ বিশ্ববিদ্যালয় বিভিন্ন প্ৰশাসনিক সমিতি সমূহ পৰ্য্যায় ক্ৰমে গঠন কৰা হয়।তাৰ সমান্তৰাল ভাবে ভট্টদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ প্ৰথম খন সমিতি গঠন কৰে।

তাৰে সভাপতি পদত ৫ জনকৈ অধ্যাপকে প্ৰতিদন্দিতা কৰে তাৰ পৰা বিপুল ভোটত জয়লাভ কৰে সভাপতি পদত উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰৱ্বী অধ্যাপক কনক দাসে।উপ সভাপতি পদত বিনা প্ৰতিনন্দিতাৰে জয়লাভ কৰে ইংৰাজী বিভাগৰ অধ্যাপক ড° অৰুণ কুমাৰ শৰ্মাই। সাধাৰণ সম্পাদক পদত জয়লাভ কৰে অৰ্থীনীতি বিভাগৰ অধ্যাপক পৰাগ বৰ্মনে।সহকাৰী সম্পাদক পদত বিনা প্ৰতিনন্দিতাৰে জয়লাভ কৰে ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড°জ্যোতিস্ময় বড়াই।

কোষাধক্ষ্য পদত বিনা প্ৰতিনন্দিতাৰে জয়লাভ কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° বিপুল কাকতি ৰ লগতে শৈক্ষিক সম্পাদক পদত প্ৰতিনন্দিতা আগবঢ়ায় বিপুল ভোটত জয় লাভ কৰে প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড° অক্ষয় হালৈয়ে।ইয়াৰ লগতে নৱ নিৰ্ৱাচিত সভাপতি সম্পাদকদ্বয়ে জনায় যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰে পৰা এগৰাকী কৈ অধ্যাপকক কাৰ্য্যকৰী সদস্য হিচাপে শিক্ষক সংস্থাত অৰ্ন্তভুক্তি কৰা হৱ।নৱ নিৰ্ৱাচিত শিক্ষক গোটক ভট্টদেৱ বিশ্ববিদ্যালয় আছু গোট,অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ কলেজ গোট,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্ববিদ্যালয় গোটৰ লগতে বহুকেইটা দল সংগঠনৰ তৰফৰ পৰা শুভেচ্ছা প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in