কৃষক আন্দোলনত অংশগ্ৰহন কৰিবলৈ মহিলাক দিছে টেক্টৰ চলোৱা প্ৰশিক্ষন…

কৃষক আন্দোলনত অংশগ্ৰহন কৰিবলৈ মহিলাক দিছে টেক্টৰ চলোৱা প্ৰশিক্ষন…

ডিজিটেল ডেস্ক : নতুন কৃষি আইনৰ সন্দৰ্ভত কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সপ্তম খন বৈঠক অনুষ্ঠিত হৈছিল সোমবাৰে । সোমবাৰে বৈঠক খনত কৃষকৰ আন্দোলন সন্দৰ্ভত কোনো ধৰনৰ সমাধান সূত্ৰ নলোৱা বাবে কৃষক সকলে আন্দোলনটো অধিক তীব্ৰ কৰি তোলাৰ বাবে সাজু হৈছে প্ৰতিবাদী কৃষক সকল ।

কৃষক সকলে গনৰাজ্য দিৱসৰ দিনা দিল্লী আৰু দেশৰ আন প্ৰান্তত কৃষক পেৰেড কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে টেক্টৰ ৰেলী উলিওৱাৰ হুংকাৰ প্ৰদান কৰে। হাৰিয়ানাৰ জিণ্ডত ২৬ জানুৱাৰীৰ টেক্টৰ ৰেলীত অংশগ্ৰহনৰ বাবে মহিলা সকলে টেক্টৰ চোলোৱাৰ প্ৰশিক্ষন লয়।

প্ৰতিবাদী কৃষক সকলক প্ৰতিনিধিত্ব কৰা কৃষক সংগঠন ইণ্ডিয়ান কৃষক ইউনিয়নে মহিলাসকলক এই প্ৰতিবাদত নেতৃত্ব দিয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আছে। ৫০০ ৰো অধিক মহিলাক কিষান সংগ্ৰামে প্ৰশিক্ষণ প্ৰদান কৰিছে ।তেওঁলোকে হাৰিয়ানাৰ কুণ্ডলি-মানেসৰ-পালৱলত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in