আহি আছে ভাৰ্গৱ শইকীয়াৰ নতুন পূৰ্ণাংগ হিন্দী বোলছবি ‘বক্সী’…

আহি আছে ভাৰ্গৱ শইকীয়াৰ নতুন পূৰ্ণাংগ হিন্দী বোলছবি ‘বক্সী’…

ডিজিটেল ডেস্কঃ বিশ্বনাথ চাৰিআলিৰ যুৱ প্ৰযোজক ভাৰ্গৱ শইকীয়াই 'এৱেকিনিঙচ্' আৰু প্ৰখ্যাত ইংৰাজী লিখক ৰাস্কিন্ বণ্ডৰ কাহিনীৰে প্ৰয়াত টম্ আল্টাৰ্ আৰু স্বেহনাজ পাটিল অভিনিত 'ব্লেক কেট' চুটি বোলছবি দুখনি পৰিচালনাৰ পাছত 'বক্সী' নামৰ ভৌতিক আৰু কাল্পনিক (ফেন্টাছি) হিন্দী পূৰ্ণাংগ বোলছবিখনিৰ জৰিয়তে পূৰ্ণাংগ বোলছবিৰ পৰিচালকৰূপে অচিৰে বলিউডত অভিষেক ঘটিব।

প্ৰযোজক আৰু পৰিচালক ভাৰ্গৱ শইকীয়াই জানিবলৈ দিয়া মতে- বিদেশৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পীয়ে তৈয়াৰ কৰা 'বক্সী'ৰ পোষ্টাৰখনত জুইশিখাৰ মাজত এগৰাকী ষোড়ষী নাৰী আৰু নাৰীগৰাকীৰ পাছফালে ৰক্ত চন্দ্ৰৰ(সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ) এটি আলোকচিত্ৰই আৰু ক'লা এঙাৰৰে লিখা 'বক্সী' নামটোৱেই নিৰ্মাণ হ'ব লগীয়া বোলছবিখন যে ভৌতিক আৰু কাল্পনিক (ফেন্টাছি) স্তৰৰ হ'ব তাৰেই ইংগিত বহন কৰিছে।

নৱ প্ৰজন্মৰ লিখক হৰ্ষ বৈভৱে কঠোৰ পৰিশ্ৰমৰে 'বক্সী'ৰ চিত্ৰনাট্য লিখি উলিয়াইছে। শীতকাল অহাৰ লগে লগে উত্তৰ-পূৱ ভাৰতৰ কেইবাখনো ঠাইত বোলছবিখনৰ দৃশ্য গ্ৰহণ আৰম্ভ হ'ব।স্মৰ্তব্য যে, ভাৰতবৰ্ষৰ খ্যাতনামা বোলছবি সমালোচকৰ দ্বাৰা গঠিত 'ফিল্ম ক্ৰিটিকছ্ গিল্ড্ অৱ ইণ্ডিয়া'ই ২০১৮ চনত সম্পূৰ্ণ নিকাভাৱে আয়োজন কৰা 'ক্ৰিটিকছ্ চইচ্ চুটি বোলছবি এৱাৰড'ত ভাৰ্গৱৰ 'ব্লেক কেটে' শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱাৰ উপৰিও শ্ৰেষ্ঠ চুটি বোলছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটালৈ মনোনীত হৈছিল।

ভাৰ্গৱৰ পৰিচালনাত 'এৱেকিনিঙচ্' চুটি বোলছবিখনৰ জৰিয়তে উজ্জ্বলি উঠা আন এগৰাকী অভিনেত্ৰী পালমি ঘোষ বৰ্তমান জনপ্ৰিয় ৱেব্ চেনেল 'নেটফ্লিক্স'ৰ 'টাইপৰাইটাৰ' নামৰ ৱেব্ ছিৰিজত মূখ্য ভূমিকাত অৱতীৰ্ণ হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু খ্যাতি আৰু বঁটা বোটলা 'এৱেকিনিঙচ্' নামৰ চুটি বোলছবিখনে ২০১৫ চনত চুইজাৰলেণ্ডৰ 'নিউচাটেল্' আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱ' আৰু ২০১৬ চনত স্পেইনৰ 'সিত্জেছ্ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱ'ৰ নিচিনা বিশ্ববিশ্ৰুত মহোৎসৱত বিশেষভাবে সমাদৃত হৈছিল। কিছুদিন আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ ভৌটিক ব্ৰেণ্ড 'অল্টাৰ' নামৰ সন্থাটোৱে 'এৱেকিনিঙচ্'ক বৈদ্যুতিক মাধ্যমেৰে শুভ মুক্তি দিয়ে।

'বক্সী' পূৰ্ণাংগ হিন্দী বোলছবিখন ভাৰ্গৱৰ নিজা প্ৰডাকচন 'ল'ৰিয়েন্ ম'চন্ পিক্সাৰছ্' নামৰ প্ৰডাকচনৰ বেনাৰত মুক্তি পাব। 'ল'ৰিয়েন্ ম'চন্ পিক্সাৰছ্' অধীনত কাশ্মীৰৰ কাহিনীৰ ওপৰত নিৰ্মিত বহু চৰ্চিত 'কাঁফিৰোঁকি নামাজ' নামৰ পূৰ্ণাংগ হিন্দী বোলছবিখন ২০১৪ চনত চাউথ কুৰিয়াৰ 'জিয়াংজু আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱ'ত প্ৰিমিয়াৰ হোৱাৰ উপৰিও চাউথ কুৰিয়াত 'বুচান্ আন্তঃৰাষ্ট্ৰীয় ফেন্টাষ্টিক্ বোলছবি মহোৎসৱে' আয়োজন কৰা বিশ্ব বিখ্যাত 'নেটৱৰ্ক্ অফ্ এচিয়ান্ ফেন্টাষ্টিক্ ফিল্মছ্ ক'প্ৰডাকচন্ মাৰ্কেট'ত 'অৰডিয়েল্' নামৰ বোলছবি প্ৰজেক্টটো উপস্থাপন কৰিবলৈ সুযোগ লাভ কৰিছিল।

ভাৰতীয় হিন্দী ভৌতিক আৰু কাল্পনিক(ফেন্টাছি) বোলছবি জগতখনক আগুৱাই নিবলৈ নৱ প্ৰজন্মৰ বহু কেইজনে চেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্ৰত 'বক্সী' নামৰ এই ভৌতিক আৰু কাল্পনিক (ফেন্টাছি) বোলছবিখনকলৈ ভাৰ্গৱ খুবেই আশাবাদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in