সুধাকণ্ঠক ‘ভাৰতৰত্ন’ প্ৰদানৰ পাছত কোকৰাঝাৰত আনন্দৰ বন্যা…

সুধাকণ্ঠক ‘ভাৰতৰত্ন’ প্ৰদানৰ পাছত কোকৰাঝাৰত আনন্দৰ বন্যা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰাত কোকৰাঝাৰত বৃহস্পতিবাৰে আনন্দৰ বন্যা বয়। কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত হোৱা অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ভাৰত ৰত্ন সন্মান লাভ কৰাত সকলোৱে আনন্দিত হয় ।

বন্তি প্ৰজ্বলেনেৰে আৰম্ভণি হোৱা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী , লেখক-সাহিত্যিক, বিভিন্ন বিভাগৰ উচ্চ পদবীধাৰী বিষয়া , বিশিষ্ট ব্যাক্তিয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্ন জ্ঞাপন কৰে । তদুপৰি সমবেত সংগীত আৰু বিভিন্নজনে পৰিবেশন কৰা ড° ভূপেন হাজৰিকাৰ গীতে অনুষ্ঠানটো জীপাল কৰি তোলে ।

উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ , সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত ড° মঙ্গলসিং হাজোৱাৰী , বিশিষ্ট সাহিত্যিক তথা ড° ভূপেন হাজৰিকাৰ সতে একেলগে কাম কৰা অৰুণ বৰগয়াৰীকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in