ওপজা দিনত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাক ৰাজ্যজুৰি স্মৰণ…

ওপজা দিনত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাক ৰাজ্যজুৰি স্মৰণ…

ডিজিটেল ডেস্কঃ দেওবাৰে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ ওপজা দিনটো উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। গুৱাহাটী মহানগৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠকস্মৰণ কৰি আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভূপেন হাজৰিকাৰ নিজৰাপাৰস্থিতবাসভৱনতো তেওঁৰ ওপজান দিনৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হছে। কেৱল অসমতে নহয়, কলকাতা,মুম্বাইৰ লগতে বিদেশতো স্মৰণ কৰা হৈছে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাক।

উল্লেখ্য যে, ১৯২৬চনত শদিয়াত জন্মগ্ৰহণ কৰিছিল এই মহানশিল্পীগৰাকীয়ে। শৈশৱ কালতে তেজপুৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰদাস আগৰৱালা আৰু কলাগুৰুবিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰি ভূপেন হাজৰিকাই আৰম্ভ কৰিছিল নিজৰসাংস্কৃতিক যাত্ৰা। আৰু নিজৰ মহান সৃষ্টিশীল প্ৰতিভাৰে বিশ্ব দৰবাৰত অসমক উজ্বলাইতোলা শিল্পীগৰাকীৰ ৯৩ সংখ্য ওপজা দিনটোৱে সকলোৱে সুঁৱৰিছে তেওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in