সুধাকণ্ঠলৈ ভাৰত ৰত্ন

সুধাকণ্ঠলৈ ভাৰত ৰত্ন

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দেশৰ সৰ্ব্বোচ্ছ অসামৰিক সন্মান 'ভাৰত ৰত্ন' তিনিজন বিশেষ ব্যক্তিক প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি যোগে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, নানাজী দেশমুখৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ এই সন্মান প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে। ইয়াৰে নানাজী দেশমুখ আৰু ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্ছ অসামৰিক সন্মান প্ৰদান কৰা হ'ব। গোপীনাথ বৰদলৈৰ পাছত ভাৰত ৰত্ন লাভ কৰা সুধাকণ্ঠ হ'ব দ্বিতীয়গৰাকী অসমীয়া।

উল্লেখযোগ্য যে গোপীনাথ বৰদলৈকো মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হৈছিল। সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিব বুলি দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈছিল। উল্লেখ্য যে, ২০১১ চনৰ ৫ নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰা সুধাকণ্ঠক ১৯৭৭ পদ্মশ্ৰী, ২০০১ চনত পদ্ম ভূষণ আৰু ২০১২ পদ্ম বিভূষণ সন্মান যঁচা হৈছিল।

দেশৰ এই সৰ্ব্বোচ্ছ সন্মান ১৯৫৪ চনৰ পৰা আগবঢ়োৱা হৈ আহিছে। সেই বছৰ মুঠ ৩ জনক এই সন্মান প্ৰদান কৰা হৈছিল। শেহতীয়াকৈ ২০১৫ চনত মদন মোহন মালব্য আৰু অটল বিহাৰী বাজপেয়ীক এই সন্মানেৰে সন্মানিত কৰা হৈছিল। পৰৱৰ্তী প্ৰায় ৪ বছৰ কাকোৱে এই সন্মান যচা হোৱা নাছিল। গোপীনাথ বৰদলৈক ১৯৯৯ত ভাৰত ৰত্ন সন্মান যাচিছিল কেন্দ্ৰীয় চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in