শেহতীয়া খবৰ
বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি  •  মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...

‘ভাৰত’ৰ শ্বুটিঙৰ মাজতে ছ’চিয়েল মিডিয়াত ছলমানৰ পোষ্ট, ভাইৰেল হ’ল ফটো….

369

ডিজিটেল ডেস্কঃ বৰ্তমান বলিউদৰ ‘ভাই জান’ ব্যস্ত তেওঁৰ নতুন ছবিখনৰ শ্বুটিঙত। ‘ভাৰত’ নামৰ ছবিখনক লৈয়ে এতিয়া ভীষণ ব্যস্ত ছলমান খান। উল্লেখ্য যে ২০১৯ৰ ঈদত ছবিগৃহলৈ আহিব ছলমানৰ এই ছবিখন। ইফালে, ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অভিনেতাগৰাকীয়ে প্ৰায়ে ছবিৰ শ্বুটিঙৰ সময়ৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা পৰিলক্ষিত হয়।

সোমবাৰেও প্ৰায় দিনৰ ১১ বজাত ছলমান খানে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে নতুন ছবিখনৰ ফটো। এজন বৃদ্ধৰ ৰূপত দেখা পোৱা এই ছবিখন বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে। ছলমানে ফটোখনৰ লগতে লিখিছে- ‘ফটোখনত যিমান চুলি আৰু দাঢ়ি মোৰ পকীছে, তাতকৈ বহু গুণে বেছি ৰঙীণ মোৰ জীৱনটো।’

ইফালে, ইয়াৰ পূৰ্বে ছবিখনৰ এটা ট্ৰেইলাৰো মুক্তি পাইছিল। ছবিখনত ছলমান খানৰ লগতে অভিনেত্ৰী কেটৰিণা কাইফ, দিশা পাটানী, সুনীল গ্ৰোবাৰ, তব্বুৰ দৰে বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। আৰু ছবিখনৰ পৰিচালক আলী আব্বাছ জাফৰ ছবিখন দৰ্শকে আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি