ট্ৰেইনৰ তলত বোমা ৰখাটো আন্দোলন নহয়, গুণ্ডাগিৰিহেঃ চিপিআইএমক তীক্ষ্ণ সমালোচনা মমতাৰ

ট্ৰেইনৰ তলত বোমা ৰখাটো আন্দোলন নহয়, গুণ্ডাগিৰিহেঃ চিপিআইএমক তীক্ষ্ণ সমালোচনা মমতাৰ

ডিজিটেল ডেস্কঃ বন্ধৰ নামত গুণ্ডাগিৰি চলাইছে চিপিআইএমে। বুধবাৰে দেশৰ ১০টাকৈ ট্ৰেড ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী আৰু কৰ্মচাৰী বিৰোধী নীতিৰ বিৰুদ্ধে আহ্বান কৰিছিল ভাৰত বন্ধৰ। এই ভাৰত বন্ধৰ সময়তে পশ্চিম বংগত ঠায়ে ঠায়ে সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা। বন্ধ সমৰ্থকে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও ৰে'লপথ অৱৰোধ আৰু ৰে'ল পথত বোমা ৰখাৰ দৰে ঘটনাও সংঘটিত হয় পশ্চিম বংগত। ইয়াৰ পিছতে বন্ধ সমৰ্থনকাৰী বাওপন্থী দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

বন্ধৰ নামত সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাৰ গৰিহণা দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে চিপিআইমে আন্দোলনৰ নামত গুণ্ডাগিৰি চলাইছে। বুধবাৰে গংগাসাগৰৰ পৰা উভতি অহাৰ পথত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি চিপিআইএমক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে মমতাই। তেওঁ কয়, 'খুব বেয়া লাগিছে। চিপিআইএমৰ কোনো আদৰ্শ নাই। আন্দোলনৰ নামত এয়া গুণ্ডাগিৰিহে। ঘোলা পানীত মাছ নধৰিব। এতিয়া তেওঁলোকে সস্তীয়া প্ৰচাৰ বিচাৰিছে। সেই বাবেই ট্ৰেইনৰ তলৰ বোমা ৰখাৰ দৰে নিন্দনীয় কাণ্ড সংঘটিত কৰিছে।'

কেৰেলাৰ চিপিআইএমৰ প্ৰশংসা কৰি মমতাই কয়, 'পশ্চিম বংগতকৈ কেৰালাৰ চিপিআইএম যথেষ্ট ভাল। তেওঁলোকৰ এটা আদৰ্শ আছে। এওলোকৰ একো নাই। আমি ২৬ দিন অনশন কৰিছো। কিন্তু এখন বাছ-ট্ৰেইনৰো ক্ষতি কৰা নাই। ইয়াকে কয় আন্দোলন। যদি সাহস আছে, তেন্তে দিল্লীলৈ গৈ আন্দোলন কৰক।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in