শেহতীয়া খবৰ
নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে...  •  নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী  •  প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা...

উৰিয়ামঘাটত সদৌ অসম ভাওনা প্ৰতিযোগিতা…

80

ডিজিটেল সংবাদ,উৰিয়ামঘাট : মানুহ আৰু মানুহৰ সত্তাৰ কাৰণে চিন্তা কৰি গুৰুজনাৰ আদৰ্শৰে সমাজ তথা যুৱসমাজক প্ৰভাম্বিত কৰি আধ্যাত্মিক ভাৱে সমাজক সুস্থ আৰু সৱল কৰা উদ্দেশ্যে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সদৌ অসম ভিত্তীত ভাওঁনা প্ৰতিয়োগিতা।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ১৪ নং আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমিতিৰ সৌজন্যত আৰু উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিয়ে অসম-নগালেণ্ডৰ সীমামুৰীয়া অঞ্চলটোত বিশেষ তাৎপৰ্য বহন কৰিছে।অসমৰ ভাওনাৰ জন্মমুহুৰ্তৰ পৰা আজিৰ ৰৌদ্ৰোজ্জ্বল এই পটভূমিত গুৰুজনাৰ আদৰ্শক বিশ্বমানসত প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰয়াসক বৌদ্ধিক মহলে শলাগ লৈছ।

আয়োজিত ভাওনা প্ৰতিযোগিতা খন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে উদযাপন সমিতিয়ে পূৰ্ণ‌উদ্যোমে নিজৰ নিজৰ দায়িত্ব বহন কৰি কামত লগা পৰিলক্ষিত হৈছে।উল্লেখয়ে বিগত বৰ্ষত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল যদিও কোভিড প্ৰতিকূলৰ বাবে অনুষ্ঠিত কৰিব পৰা নহ’ল। সেয়েহে চলিত বৰ্ষৰ চ’তৰ ৮ তাৰিখৰ পৰা ১২ চ’তলৈ অথাৎ ইংৰাজী ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চৰ লৈকে আনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰি প্ৰস্তুত হৈছে সমিতিয়ে ।

পাঁচ দিনীয়া কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ভালেকেইটি ভাওনাৰ দলে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।আনহাতে প্ৰতিযোগিতা খনিত অসমৰ ৰাইজৰ সহাৰি আৰু অংশগ্ৰহণৰ সুবিধাৰ্থে তলত উল্লেখিত দুৰভাষ নম্বৰ কেইটা প্ৰকাশ কৰিছে সমিতিয়ে ৯১১৬৬৬১০৩, ৭০৮৬৪৫৩৩২৮,৯৮৫৯৮৩২০৮৬,৮০১১৭১৫১৪১,৬৯০১০৮৭৪৮৭,৭৬৩৬৯৭৯৮৯৯ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি