তেজপুৰত এম জি ভি কে ভানুক উষ্ম আদৰণি দলীয় কৰ্মীৰ

তেজপুৰত এম জি ভি কে ভানুক উষ্ম আদৰণি দলীয় কৰ্মীৰ
  • লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে সকলো ৰাজনৈতিক দল।
  • তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু নামিছে নিৰ্বাচনী প্ৰচাৰত।
  • শনিবাৰে কংগ্ৰেছ নেতাজনক উষ্ম আদৰণি জনাই দলীয় কৰ্মীসকলে।
  • ওৰাঙৰ পৰা তেজপুৰলৈ বিশাল বাইক ৰেলীৰে আদৰণি জনোৱা হয় তেওঁক।
  • ইফালে ঢেকীয়াজুলিত ৪২ৰ শ্বহীদৰ বেদীতো প্ৰণাম জনালে ভানুৱে।
  • ভানুক লৈ উৎফুল্লিত কংগ্ৰেছ কৰ্মীসকল।
  • নিজকে তেজপুৰৰ প্ৰাৰ্থী হিচাপে পাই গৌৰৱ ব্যক্ত কৰে এম জি ভি কে ভানুৱে।
  • তেওঁ কয়, মই তেজপুৰত কংগ্ৰেছ প্ৰাৰ্থী হৈ গৌৰৱান্বিত কাৰণ মই ৰাইজৰ সেৱা কৰিব বিচাৰো।
  • লগতে কংগ্ৰেছ প্ৰাৰ্থীজনে কয়, মই ৰাইজৰ সেৱা কৰিবলৈ আহিছো। ৰাইজৰ ভালৰ বাবে সদায় কাম কৰি যাম।
  • সাম্প্ৰদায়িক শক্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দিব বুলিও মন্তব্য কৰে ভানুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in