আৰম্ভ হ’ল অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসম-অৰুণাচল আৰু ভূটানৰ ত্ৰিবেণী সংগমত উখল-মাখল পৰিৱেশ

আৰম্ভ হ’ল অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসম-অৰুণাচল আৰু ভূটানৰ ত্ৰিবেণী সংগমত উখল-মাখল পৰিৱেশ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ অন্যতম জনপ্ৰিয় বনভোজ তথা পৰ্যটনস্থলী ভৈৰৱকুণ্ডত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, ২০২০। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিচি পৰিষদৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ উদ্বোধনীৰ দিনাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত।

বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী। ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে হাতী-চাফাৰি, ৰাফটিং-বটিঙৰ পৰা আৰম্ভ কৰি পেৰাগ্লাইডিংলৈ। লগতে দেশী-বিদেশী শিল্পীৰ সাংস্কৃতিক অনু্ষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানে মুগ্ধ কৰিব পৰ্যটকসকসক।

বৃহস্পতিবাৰে পুৱা ওদালগুৰি জিলা উপায়ুক্ত তথা অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সভাপতি প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই পতকা উত্তোলন কৰাৰ পিছত জিলা আৰক্ষী অধীক্ষক, এছ এছ বি আৰু ভাৰতীয় সেনাৰ বিষয়াই শান্তিৰ হকে পাৰ চৰাই উৰুৱায়। পৰৱৰ্তী সময়ত স্বচ্ছ ভৈৰৱকুণ্ড কাৰ্যসূচীৰ পাছত মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে বন্তি প্ৰজ্বলন কৰি পৰ্যটন মহোৎসৱৰ মূল মঞ্চ উদ্ধোধন কৰে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হোৱা পৰ্যটন মহোৎসৱ উদ্ধোধনীৰ পিছতেই পৰ্যায়ক্ৰমে বিভিন্ন ক্ৰীড়া, দুঃসাহসিক ক্ৰীড়া অনুষ্ঠানসমূহ মুকলি কৰা হয়। এইবেলিৰ ভৈৰৱকুণ্ড মহোৎসৱৰ প্ৰতিদিনেই হাজাৰ হাজাৰ পৰ্যটকৰ উপস্থিতিৰে অনুষ্ঠানটি আৰু অধিক আকৰ্ষনীয় কৰি তুলিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in