বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ

বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ

ডিজিটেল সংবাদ, ভৈৰৱকুণ্ডঃ ভাৰত-ভূটান আৰু অসমৰ বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠান আৰু নিশা মায়াময় সাংস্কৃতিক সন্ধিয়াৰ পাছতেই সামৰণি পৰে অসম-অৰুণাচল প্ৰদেশ আৰু পৰৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেনী সঙ্গমস্থলীত অনুষ্ঠিত অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। অসম আৰু বিটিচি পৰ্যটন বিভাগৰ উদ্যোগত প্ৰায় এক কোটি টকাৰ বাজেটেৰে বিগত ১৬ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত এইবেলি দেখা গৈছিল জাৰ্মানী, আমেৰিকা, অষ্ট্ৰেলিয়া, ভূটানৰ লগতে দেশী-বিদেশী পৰ্যটকৰ ভিৰ।

ওদালগুৰি জিলাৰ অসম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেনী সংগমস্থলী ভৈৰৱকুণ্ড বনভোজস্থলীস্থিত ভৈৰৱকুণ্ড পৰ্যটন আৱাসত অনুষ্ঠিত হোৱা এই মহোৎসৱত পূৰ্ৱৰ তুলনাত এইবেলি অৰুণাচল প্ৰদেশ-ভূটানৰ লগতে বহু দেশী-বিদেশী পৰ্যটকে অংশগ্ৰহণ বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ উপভোগ কৰে। পৰ্যটন মহোৎসৱখনিৰ বিগত চাৰিটা দিনত বিভিন্ন খেল-ধেমালি আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা তথা অৰুণাচল প্ৰদেশ-ভূটানৰ লগতে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে এইসমূহ জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰ প্ৰতিফলিত হৈ যায়।

মহোৎসৱখনিৰ আজি অন্তিমটো দিনৰ বিভিন্ন কাৰ্যসূচী হাজাৰ হাজাৰ লোকে উপভোগ কৰা পৰিলক্ষিত হৈছে। সোমবাৰে মহোৎসৱস্থলীৰ মূল সাংস্কৃতিক মণ্ডপত বিহু, বড়ো কাৰ্বি, টাই আহোম, মিচিঙৰ লগতে ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে ভূটান আৰু অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শিত কৰা হয়। উল্লেখ্য যে, এনে নানা ৰঙী সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি ভূটান, অৰুণাচলৰ লগতে অষ্ট্ৰেলিয়াৰ পৰ্যটকে আশ্চৰ্য প্ৰকাশ কৰে। অষ্ট্ৰেলিয়াৰ পৰা ২০ দিনৰ কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ অহা এহাল পৰ্যটক দম্পত্তিয়ে অৰুণাচলৰ টাৱাঙলে যোৱাৰ পথত ভৈৰৱকুণ্ড মহোৎসৱস্থলীত প্ৰৱেশ কৰি সাংস্কৃতিক অনুষ্ঠানৰ লগতে মহোৎসৱস্থলীৰ পৰিৱেশ দেখি আপ্লুত হৈ পৰে।

সাংবাদিকৰ আগত প্ৰকাশ কৰি দম্পত্তিহালে কয় যে, মহোৎসৱটি অনুষ্ঠিত হোৱা সন্দৰ্ভত খবৰ তেওঁলোকে পূৰ্ৱে লাভ কৰা নাছিল যদিও টাৱাঙলৈ যোৱাৰ পথত পথৰ সমীপতে অনুষ্ঠিত ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ ৰঙীণ পৰিৱেশে তেওঁলোকক হাত বাউলি মাতিলে। লগতে অসমৰ জলবায়ু সন্দৰ্ভত মত ব্যক্ত কৰি সুন্দৰ জলবায়ুৰে আৱৰা উত্তৰ-পূৱলৈ তেওঁলোকে ইয়াৰ পূৰ্ৱেও অহাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি সাংস্কৃতিক বিনিময় কাৰ্যসূচী মুকলি কৰি ৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাখেশ্বৰ ব্ৰহ্মই মহোৎসৱখনি আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰাৰ আহ্বান জনায়।

এই সাংস্কৃতিক কাৰ্যসূচীৰ অনুষ্ঠানত উপস্থিত থাকি ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটকে অসমৰ সাংস্কৃতিক অনুষ্ঠানসমূহ উপভোগ কৰে। লগতে তেওঁলোকে মহোৎসৱখনিৰ প্লাষ্টিকমুক্ত পৰিৱেশক শলাগ লয়। ইপিনে মহোৎসৱৰ সাংস্কৃতিক মঞ্চত অনুষ্ঠিত নৃত্য উপভোগ কৰি পৰ্যটকসকলে অসমৰ নানাৰঙী কৃষ্টি-সংস্কৃতিক প্ৰশংসা কৰে।

দুই দেশৰ সীমান্তত অনুষ্ঠিত এনে ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ইখন দেশে সিখন দেশৰ সাংস্কৃতিক দিশৰ সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ কামনা কৰে ভূটানৰ পৰ্যটকসকলে। ইপিনে মহোৎসৱখনিৰ বিভিন্ন মঞ্চত নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানসমূহে অধিক ময়াময় কৰি তোলে মহোৎসৱস্থলীৰ পৰিৱেশ। দেওবাৰে নিশা বলীউডৰ কণ্ঠশিল্পী অনয়া ব্ৰহ্ম তথা অৰুণাচল প্ৰদেশ আৰু গেংটকৰ ৰক বেণ্ড ষ্টিল ওৱাটাৰ নামৰ সাংস্কৃতিক অনুষ্ঠানত লোকে লোকাৰণ্য হৈ পৰিছিল সাংস্কৃতিক মঞ্চৰ সন্মুখভাগ।

সকলোৱে শান্তি-শৃংখলাৰে এইসমূহ সাংস্কৃতিক অনুষ্ঠানসমূহ উপভোগ কৰাৰ বাবে উদযাপন সমিতিৰ হৈ মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ লগতে মহোৎসৱখনিৰ আহ্বায়ক ৰিপেন দৈমাৰীয়ে সকলোকে ধন্যবাদ জনায়। এনে ধৰণৰ দুই চুবুৰীয়া ৰাজ্য আৰু এখন পৰৰাষ্ট্ৰ ভূটানৰ ত্ৰিবেনী সংগমস্থলীত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানসমূহে এখনে আনখনৰ মাজৰ সামাজিক, আৰ্থসামাজিক, সাংস্কৃতিক দিশৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ আশা প্ৰকাশ কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। সোমবাৰে নিশা অনুষ্ঠিত হোৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠানেৰে নিজম পৰিল অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱখনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in