তুৰস্কত স্বৰ্ণজয়ী বক্সাৰ ভাগ্যৱতী কছাৰীৰ পিতৃ-মাতৃক সম্বৰ্ধনা

তুৰস্কত স্বৰ্ণজয়ী বক্সাৰ ভাগ্যৱতী কছাৰীৰ পিতৃ-মাতৃক সম্বৰ্ধনা

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ উদমাৰীত এতিয়া উখল-মাখল পৰিৱেশ। তুৰস্কৰ ইষ্টানবুলত চলি থকা ৩২ সংখ্যক আহমট কমাৰ্ট আন্ত:ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ৮১ কিল'গ্ৰাম লাইট হেভি বক্সিং ইভেণ্টত ভাগ্যৱতী কছাৰীয়ে স্বৰ্ণ জয় কৰাৰ পিছতে অঞ্চলটোত বিৰাজ কৰিছে আনন্দমুখৰ পৰিৱেশে।

তুৰ্কীৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা ভাগ্যৱতীৰ উদমাৰীৰ বাসগৃহত উপস্থিত হৈ মঙলবাৰে পিতৃ-মাতৃক অভিনন্দন জ্ঞাপন কৰে স্থানীয় বিধায়িকা কমলী বসুমতাৰী আৰু মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই।

আৰ'নাই, গামোছা আদিৰে পিতৃ দেৱেন কছাৰী আৰু মাতৃ চিত্ৰা কছাৰীক সম্বৰ্ধনা জনাই গাঁওখনত সমদল উলিয়াই পৰম্পৰাগত কৃষ্টি প্ৰদৰ্শনৰে খেলুৱৈগৰাকীৰ পৰিয়ালক সন্মান জনোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে গাঁওবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in