নাৰায়ণপুৰৰ শোৱণশিৰিৰ চাপৰিত কৃষিৰে স্বাৱলম্বী ভদ্ৰ দলে, লহপহকৈ বাঢ়িছে লাই-মুলা, মতৰ, আলু, কোমোৰাকে ধৰি বিভিন্ন পাচলি, VIDEO

নাৰায়ণপুৰৰ শোৱণশিৰিৰ চাপৰিত কৃষিৰে স্বাৱলম্বী ভদ্ৰ দলে, লহপহকৈ বাঢ়িছে লাই-মুলা, মতৰ, আলু, কোমোৰাকে ধৰি বিভিন্ন পাচলি, VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ শোৱণশিৰি নদীৰ পাৰত বালি চেপি ৰস উলিয়াইছে নাৰায়ণপুৰৰ এগৰাকী আদৰ্শ কৃষকে। নাম ভদ্ৰ দলে। যি সময়ত ৰাজ্যখনৰ একাংশ যুৱক কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে এই গৰাকী কৃষকে শোৱণশিৰি নদীৰ পাৰৰ টিকিৰাই চাপৰিত সূচনা কৰিছে জৈৱিক পদ্ধতিৰে সেউজ বিপ্লৱৰ। নদীৰ পাৰত এই গৰাকী কৃষকৰ শ্ৰমৰ বিনিময়ত গঢ়ি উঠা কৃষি ফাৰ্মখনত এতিয়া লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে লাই, মুলা, মতৰ মাহ, কোমোৰা, জাতিলাও, ৰঙালাও, আলু, বেঙেনাকে ধৰি বিভিন্ন জাতৰ খেতি।

বিগত ২০ বছৰ ধৰি কৃষক গৰাকীয়ে জৈৱিক পদ্ধতিৰে কৰি অহা খেতিদৰাই নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে অঞ্চলটোৰ আন দহজন লোকৰ বাবে হৈ পৰিছে আৰ্দশ৷ প্ৰায় ১৫-১৬ বিঘা কৃষি ভূমিত তেওঁ কৰি আহিছে বিভিন্ন খেতি৷ চাপৰিৰ গৰু-ম'হৰ খুটিৰ পৰা গোবৰ আনি নিজৰ খেতিপথাৰত প্ৰয়োগ কৰি জৈৱিক প্ৰদ্ধতিৰে কৰা ফচলে স্থানীয় বজাৰত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিবছৰে তিনিৰ পৰা চাৰি লাখ পৰ্যন্ত টকা উপাৰ্জন কৰি আহিছে বুলি এই গৰাকী আদৰ্শ কৃষকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

উল্লেখ্য যে, মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ সু-দৃষ্টি নপৰা কৃষকজনে আজিকোপতি চৰকাৰৰ পৰা সা-সুবিধাৰ নামত ফুটাকৰি এটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি স্থানীয় গ্ৰামসেৱক জনকো চিনি নাপায় কৃষকজনে। এতিয়া প্ৰশ্ন হয় বিভিন্ন আঁচনিৰ কথা কৈ ব্যয়বহুল বিজ্ঞাপন প্ৰকাশ কৰি ৰাজকোষৰ ধনৰ শৰাধ কৰি অহা ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ দৃষ্টি পৰিবনে এই সকল কৃষকৰ প্ৰতি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in