পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান…

পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন। অন্তিমটো দিনত শ শ তালৰ শব্দৰে মুখৰিত হৈ পৰিল বটদ্ৰৱা থানৰ চৌপাশ । জাতীয় সাজ পৰিধান কৰি শিশুৰ পৰা বৃদ্ধলৈ হাতে হাতে তাল লৈ ভাদ মাহৰ অন্তিমটো দিনত ঘোষা কীৰ্তন আৰু আধ্যাত্মিক পৰিৱেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা।

শ শ ভকত বৈষ্ণৱৰ অংশগ্ৰহনৰে এক নান্দনিক পৰিবেশৰ সূচনা হয়। সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমি বটদ্রৱাত শাওন মাহৰ সংক্রান্তিৰ পৰা আজি ভাদৰ সংক্ৰান্তিলৈ ওঠৰ প্রসঙ্গৰে এমাহ জুৰি চলি থকা প্ৰসংগৰ আজি সামৰণি পৰে। লগে লগে কীৰ্তনঘৰৰ পিৰালিত বহি ভকত সকলে এমাহ জুৰি নাম ডকা কাৰ্যসূচীৰো সমৰণি পৰে।

কীৰ্তন ঘৰৰ দুপৰীয়া মূল নাম প্রসংঙ্গৰ পাচতেই চাৰি শতাধিক গায়নে হাতে হাতে তাল লৈ ভৰি চালনাৰে 'ঘোষা কীৰ্তনীয়া' নাম পৰিৱেশন কৰে। এনেদৰেই বটদ্ৰৱাত আজিৰ পৰা সামৰণি পৰিব পৰম্পৰাগত পবিত্র ভাদ মাহৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in