বিষ অনুভৱ হ’লেই পেইন কিলাৰ খোৱাসকল সাৱধান

বিষ অনুভৱ হ’লেই পেইন কিলাৰ খোৱাসকল সাৱধান

ডিজিটেল ডেস্কঃ বিষৰ পৰা উপশম পাবলৈ প্ৰায়ে পেইন কিলাৰ খাই নেকি? যদিহে খায় তেন্তে সময় থাকোতেই সাৱধান হওক। গৱেষণাত কোৱা হৈছে সামান্য বিষ হ'লেই পেইন কিলাৰ খালে হৃদৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হয়। ইয়াৰ লগতে ষ্ট্ৰোকে দেখা দিব পাৰে।

ডেনমাৰ্কৰ আৰহাছ বিশ্ববিদ্যালয় আৰু হাস্পতালৰ গৱেষকসকলৰ মতে, ডাইক্লোফেনাক জাতীয় ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে খোৱাতো অতি বিপদজনক। পিছে গৱেষকৰ কথা শুনে কোনে? আমাৰ দেশত বহু ঠাইত এনে পেইন কিলাৰ ফাৰ্মাচী বাদেই গেলামালৰ দোকানতো পোৱা যায়।

উল্লেখ্য যে ডাইক্লোফেনাক জাতীয় পেইন কিলাৰ হৈছে এক ধৰণৰ ষ্ট্ৰেৰয়ডহীন যন্ত্ৰণা উপশমৰ ঔষধ। সমগ্ৰ বিশ্বতে আছে ইয়াৰ ব্যাপক চাহিদা। কিন্তু এই ঔষধ অত্যাধিক মাত্ৰাত সেৱন হৈ পৰিব পাৰে বিপদজনক।

'ডাইক্লোফেনাকে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াত থকা পদাৰ্থ সমূহ হৃদযন্ত্ৰক দুৰ্বল কৰি তোলে। ষ্ট্ৰোকৰ বাবেও এই ডাইক্লোফেনাক বিপদজনক।'-আৰহাছ বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৰ মন্তব্য।

সেয়ে সাৱধান! সাধাৰণ বিষবোৰ পাৰ্যমানে সহ্য কৰিবলৈ শিকক। বিষ বেছি হ'লে চিকিৎসকৰ পৰামৰ্শ মতে পেইন কিলাৰ খাওক। চিকিৎসকৰ পৰামৰ্শ অবিহনে পেইন কিলাৰ কিনি খোৱাৰ অভ্যাস পৰিহাৰ কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in