‘প্ৰতিদিন টাইম’লৈ ৰাষ্ট্ৰীয় বাতৰি পৰিৱেশকৰ শ্ৰেষ্ঠ বঁটা

‘প্ৰতিদিন টাইম’লৈ ৰাষ্ট্ৰীয় বাতৰি পৰিৱেশকৰ শ্ৰেষ্ঠ বঁটা

ডিজিটেল ডেস্কঃ সংবাদ ক্ষেত্ৰখনত জন্ম লগ্নৰ পৰা সামাজিক দায়বদ্ধতাৰ পৰিচয় দি অহা সাদিন-প্ৰতিদিন গোষ্ঠীৰ বৈদ্যুতিন মাধ্যম 'প্ৰতিদিন টাইম'ক ৰাষ্ট্ৰীয় বাতৰি পৰিৱেশনৰ শ্ৰেষ্ঠ বঁটা এক্সেঞ্জ ফ'ৰ মিডিয়া নিউজ ব্ৰডকাষ্টিং এৱাৰ্ডছ চমুকৈ ই এন বি এ সন্মানেৰে সন্মানিত কৰা হৈছে।

বিবিচি, এনডিটিভি আদিৰ দৰে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক চেৰ পেলাই প্ৰতিদিন টাইমে লাভ কৰা এই বঁটা প্ৰতিদিন টাইমৰ হৈ শনিবাৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে গ্ৰহণ কৰে। ই এন বি এ-য়ে জানিবলৈ দিয়া মতে এই বৰ্ষৰ বিচাৰকৰ আসনত আছিল নাচকমৰ প্ৰাক্তন সভাপতি ড০ কিৰণ কাৰ্ণিক।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত ধাৰাবাহিকভাৱে বিশ্লেষণাত্মক বা-বাতৰি সম্প্ৰচাৰ কৰি অহা প্ৰতিদিন টাইমৰ বিশেষ অনুষ্ঠান 'বিশ্লেষণ'ৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই জনপ্ৰিয় অনুষ্ঠানটোৰ আঁত ধৰি আহিছে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিকজনে সংবাদ মাধ্যমৰ সন্মুখত কয়, 'এয়া প্ৰতিদিন টাইমৰ দৰ্শকে বিশ্লেষণ অনুষ্ঠানলৈ প্ৰদান কৰা মৰম আৰু সঁহাৰিৰ বাবেই এই বঁটা লাভ কৰিবলৈ আমি সক্ষম হৈছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in