বাংগালুৰুত এলিয়েন! বিস্ফোৰণ, ভূমিকম্পক লৈ ৰহস্য

বাংগালুৰুত এলিয়েন! বিস্ফোৰণ, ভূমিকম্পক লৈ ৰহস্য

ডিজিটেল ডেস্কঃ বাংগালুৰুত এলিয়েন। চহৰখনৰ বহুতেই এতিয়া এনেকৈয়ে ভাবিছে। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ বাংগালুৰু। ভূমিকম্পৰ জোকাৰণি বুলি অধিকাংশই ৰাস্তালৈ ওলাই আহে। কিন্তু ক'ত কি হ'ল তাৰ উত্‍স কোনেও বিচাৰি নাপালে।

ইমানেই প্ৰচণ্ড শব্দ আছিল যে ওখ ওখ অট্টালিকাবোৰো ক্ষন্তেকৰ বাবে এবাৰ ইফাল এবাৰ সিফাল কৰিছিল। লগে লগে সমগ্ৰ দক্ষিণ-পশ্চিম বাংগালুৰুত ভূমিকম্পৰ আতংক বিয়পি পৰে। পিছে সেই সময়ত সেই অঞ্চলত ভূমিকম্পৰ কম্পনাংক ৰিখটাৰ স্কেলত ধৰা নপৰিল।

এই প্ৰচণ্ড শব্দত চহৰখনৰ ৰাজেশ্বৰী নগৰ, বনশানকাৰি, জেপি নগৰ আৰু জয়নগৰত আতংকময় পৰিৱেশে বিৰাজ কৰে। বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ উৰা বাতৰিও বিয়পি পৰে চহৰখনত। অৱশ্যে কোনো ধৰণৰ বিস্ফোৰণ সংঘটিত হোৱাৰ কথা অস্বীকাৰ কৰিছে আৰক্ষীয়ে।

প্ৰশাসনে এই পৰ্যন্ত প্ৰচণ্ড শব্দৰ উত্‍সৰ সন্ধান পোৱা নাই। ক'পৰা কেনেকৈ এই শব্দ আৰু কম্পন অনুভূত হ'ল সেয়া জানিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও সফলতা লাভ কৰা নাই। তালৈ চাই বহুতে এতিয়া কোৱা-কুই কৰিছে যে চহৰখনত এলিয়েন নামিছে। তেওঁলোকৰ মতে এলিয়েনেই সৃষ্টি কৰিছে এই প্ৰচণ্ড শব্দ আৰু কম্পন।

উল্লেখ্য যে এলিয়েন বিশেষজ্ঞসকলৰ বহুতেই এলিয়েনে অৱতৰণ কৰা বিশ্বৰ সম্ভাৱ্য স্থানসমূহৰ ভিতৰত দক্ষিণ ভাৰতৰ নামো অন্তৰ্ভূক্ত কৰি আহিছে। এলিয়েনৰ প্ৰবক্তাসকলৰ এনে দাবীৰ কোনো ভিত্তি নাই বুলিও বিজ্ঞানীসকলে দাবী কৰি আহিলেও কালিৰ এই ৰহস্যজনক শব্দৰ আঁৰত এনে কোনো কাৰক থাকিব পাৰিছে বুলিয়েই অনুমান ব্যক্ত কৰা দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in