এখন বিশেষ বিয়া, কইনাৰ আজৱ কাণ্ড…চাওক VIDEO

এখন বিশেষ বিয়া, কইনাৰ আজৱ কাণ্ড…চাওক VIDEO

ডিজিটেল ডেস্কঃ বিগত কেইদিনমান ধৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ'। ভিডিঅ'টো এখন বিয়াৰ। পশ্চিম বংগৰ হৈ যোৱা এই বিয়াখনৰ এটা ভিডিঅ'টো এতিয়ালৈকে প্ৰত্যক্ষ কৰিছে ৩ মিলিয়নো অধিক লোকে।

এই বিশেষ বিয়াখনৰ সকলো পৰম্পৰা সুকলমেই সমাপন হ'ল। শেষত আহিল কইনা ওলাই যোৱাৰ পৰ্ব। সাধাৰণতে দেখা যায় যে কইনাই নিজ আপোনঘৰ খন এৰি যোৱাৰ মূহুৰ্তত কান্দি কান্দিয়েই বিদায় লয়। কিন্তু পশ্চিম বংগৰ এই বিয়াখনত দেখা গ'ল সম্পূৰ্ণ বিপৰীত ছবি।

বিদায়ৰ সময়ত কইনাই পৰিয়ালৰ সকলো সদস্যক কান্দিবলৈ মানা কৰিছে। লগতে সকলোকে সান্তনা দি কৈছে ' দুখ কৰিব নালাগে, মই আহিয়েই থাকিম সময় পালে'। কইনাৰ এই ৰূপ দেখি দৰাইও মিচিকিয়া হাঁহি মাৰি পিছে পিছে ওলাই আহিল কইনাঘৰৰ পৰা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে এই বিয়া খনে। ভাইৰেল হোৱা এই বিয়াখনৰ ভিডিঅ'টো-

https://www.facebook.com/100008422146416/videos/2079429952347723/?t=136

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in