হাতৰ আঙুলিৰ নখতেই আঁকি ল’লে বিক্ৰমৰ চন্দ্ৰ অৱতৰণৰ দৃশ্য

হাতৰ আঙুলিৰ নখতেই আঁকি ল’লে বিক্ৰমৰ চন্দ্ৰ অৱতৰণৰ দৃশ্য

ডিজিটেল ডেস্কঃ ইতিহাস ৰচনাৰ দিশে আগবাঢ়িছে ভাৰত। শুকুৰবাৰে পুৱতি নিশা ১-২ বজাৰ ভিতৰত চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ লগে এই ঐতিহাসিক অভিলেখৰ গৰাকী হ'ব ভাৰত। চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱ কক্ষত অৱতৰণ কৰা ভাৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে চন্দ্ৰৰ বুকুত সফল অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে চিহ্নিত হ'ব ভাৰত। সেই ঐতিহাসিক ক্ষণৰ অপেক্ষাত ৰৈছে এতিয়া সমগ্ৰ দেশবাসী।

চন্দ্ৰৰ বুকুত অভিলেখ ৰচনা কৰিবলৈ সাজু হোৱা ভাৰতৰ এই গৌৰৱময় ক্ষণত সমগ্ৰ দেশবাসীৰ লগতে আনন্দৰ অংশীদাৰ হৈ আঙুলিৰ নখতে বিক্ৰমৰ চন্দ্ৰত অৱতৰণৰ দৃশ্য অংকন কৰি লৈছে এগৰাকী শিল্পীয়ে। পশ্চিম বংগৰ শিলিগুৰিৰ ৰমেশ শ্বাহ নামৰ ক্ষুদ্ৰ চিত্ৰশিল্পীগৰাকীয়ে অধ্যাৱসায় আৰু ধৈৰ্যৰ বলত হাতৰ আঙুলিৰ নখত অংকন কৰিছে এই ঐতিহাসিক ক্ষণৰ ছবি।

কেইবাটাও বিশ্ব অভিলেখৰ অধিকাৰী ৰমেশ শ্বাহক ১৫-২০ মিলিমিটাৰৰ দৈৰ্ঘ্যৰ এই চিত্ৰ নখত আঁকিবলৈ সময়ৰ প্ৰয়োজন হৈছিল সম্পূৰ্ণ ৩ দিন। বিক্ৰমৰ চন্দ্ৰ অৱতৰণৰ দৃশ্য নখত অংকন কৰি শিল্পী ৰমেশ শ্বাহে কয়, 'এয়া দেশবাসীৰ বাবে আনন্দৰ মুহূৰ্ত। এই আনন্দ মই চিত্ৰৰ জৰিয়তে ব্যক্ত কৰিবলৈ পাই সুখী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in