পশ্চিমবংগৰ ৭৭ জন বিজেপি বিধায়কক নিৰাপত্তা প্ৰদান কৰিব অৰ্ধ সামৰিক বাহিনীয়ে…

পশ্চিমবংগৰ ৭৭ জন বিজেপি বিধায়কক নিৰাপত্তা প্ৰদান কৰিব অৰ্ধ সামৰিক বাহিনীয়ে…

ডিজিটেল ডেস্ক : পশ্চিমবংগ বিধানসভা নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ ৭৭ জন বিধায়কক সুৰক্ষা প্ৰদান কৰিব অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলে । সোমবাৰে চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰে ।চৰকাৰী সূত্ৰত প্ৰকাশ কৰা অনুসৰি, বিধানসভাৰ বিজেপি সদস্যসকলক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ) আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সশস্ত্ৰ কমাণ্ডৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হ'ব ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিবেদন আৰু মন্ত্ৰালয়ৰ নিৰ্বাচনৰ পিছত বিজেপি কৰ্মীসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ পটভূমিলৈ প্ৰেৰণ কৰা উচ্চ পৰ্যায়ৰ বিষয়াৰ দলৰ দ্বাৰা প্ৰদান কৰা তথ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক অনুমোদন জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in