শেহতীয়া খবৰ
নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড... VIDEO  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...

বেলতলাৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ঈশান-ইবনৰ স্মৃতিত মঙলদৈত বন্তি প্ৰজ্বলন…

135

ডিজিটেল সংবাদ, মঙলদৈঃ গুৱাহাটী মহানগৰীৰ বেলতলাত বৃহস্পতিবাৰে সংঘটিত ভয়ানক অগ্নিকাণ্ডত মৃত্যুক আঁকোৱালি লোৱা কণমানি ঈশান বিন্দু গোস্বামী আৰু ইবন বিন্দু গোস্বামী সোঁৱৰণত দৰং জিলা সাহিত্য সভাই শুকুৰবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে।

এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞা, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, কাৰ্যনিৰ্বাহক সদস্য দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, দৰং জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাম চন্দ্ৰ ডেকা, সম্পাদক মুকুট হাজৰিকা, আইন উপদেষ্টা ৰমেশ দেৱশৰ্মা, কোষাধ্যক্ষ বসন্ত শইকীয়া, প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্ত, আকাশৰ সম্পাদিকা মকচিদা বেগম প্ৰমুখ্যে জিলা সাহিত্য সভাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

কণমানি শিশু দুগৰাকী অকালতে এনে অস্বাভাৱিক মৃত্যুক আকোৱালি ল’বলগীয়া হোৱাত দৰং জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি