শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

লক্ষ্মী পূজাৰ উপলক্ষে বেলতলা লক্ষ্মী মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ, শোভাযাত্ৰাত অংশ ল’লে অগণন লোকে, VIDEO

324

ডিজিটেল ডেস্কঃ লক্ষ্মী পূজাৰ উপলক্ষে বেলতলা লক্ষ্মী মন্দিৰত পুৱাৰে পৰা বিভিন্ন লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। পুৱাৰে পৰা মন্দিৰত বিভিন্ন লোকে সেৱা আগবঢ়াইছে। মহানগৰীৰ কাহিলীপাৰাৰ ‘চেনেহ’ বৃদ্ধাৱাসৰ আৱাসীসকলেও পুৱাতে সেৱা আগবঢ়াই লক্ষ্মী দেৱীক।

কমিটিৰ বিষয়ববীয়াসকলেও লক্ষ্মী পূজাত নিয়াৰিকৈ যাতে সকলো কাম সম্পাদন কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলক আপ্যায়ন কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে লক্ষ্মী মন্দিৰৰ পূজা পৰিচালনা সমিতিয়ে।

ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে মুখৰিত হৈছে বেলতলাৰ আকাশ-বতাহ। দেৱী লক্ষ্মীলৈ ভক্তি অৰ্ঘ নিবেদন কৰিছে ভক্তপ্ৰাণ ৰাইজে। পুৱাৰ ভাগতে বেলতলাৰ লক্ষ্মী মন্দিৰত উলিওৱা হয় এক শোভাযাত্ৰা। এই বাৰেৰহনীয়া শোভাযাত্ৰাত অংশ লয় বহু লোকে।

প্ৰতিবছৰে বেলতলাৰ লক্ষ্মীমন্দিৰত পুৱাৰে পৰা দেখিবলৈ পোৱা যায় ভক্তৰ ভিৰ। ব্যতিক্ৰম নহয় এইবৰ্ষও। পূৰ্বৰ ধাৰা অব্যাহত ৰাখি পুৱাৰে পৰা মন্দিৰলৈ বহুলোক অহা দেখিবলৈ পোৱা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি