শেহতীয়া খবৰ
দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ’ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO

3,559

ডিজিটেল সংবাদ, বেলতলাঃ সোমবাৰে মহানগৰীৰ বেলতলাত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। বেলতলা ভেটাপাৰা পথত থকা জামে মছজিদৰ সমীপত তীব্ৰবেগী বাইকৰ খুন্দাত নিহত এজন বয়োজ্যেষ্ঠ লোক। বেলতলাৰ জামে মছজিদত নামাজ পঢ়িবলৈ আহি উভতি যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। ঘটনাৰ সমগ্ৰ দৃশ্য বন্দি হ’ল চিচিটিভি কেমেৰাত।

ভেটাপাৰাৰ পৰা বেলতলা অভিমুখে অহা তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত প্ৰাণ যায় লোকজনৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ এজাইল হাস্পতালত ভৰ্তি কৰাই লোকজনক। কিন্তু লোকজন মৃত্যুৰ মুখত পৰে। নিহত লোকজনৰ নাম মামৰেজ আলি।

লোকজন পেছাত এজন দৰ্জি আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা বাইকখন পালছাৰ। বাইকখনৰ নম্বৰ এএছ-০১-বিএক্স-০৪৭৮।

ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাইকখনৰ চালকগৰাকীয়ে। ইফালে আঘাটপ্ৰাপ্ত হয় বাইকত উঠি অহা লোকজনো। আহত লোকজনৰ নাম আছৰাহুল। লোকজনৰ ঘৰ বৰপেটাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি