গৰাখহনীয়া ৰোধৰ কামনাৰে বেঁকী নৈৰ পাৰত বড়ো সমাজৰ গংগা পূজা

গৰাখহনীয়া ৰোধৰ কামনাৰে বেঁকী নৈৰ পাৰত বড়ো সমাজৰ গংগা পূজা

ডিজিটেল সংবাদ, শালবাৰীঃ যোৱা ১৪ বছৰ ধৰি বৰপেটাৰ বাক্সা জিলাৰ অন্তৰ্গত উত্তৰ চাফাকামাৰ জিলাত অব্যাহত আছে বেঁকী নদীৰ গৰাখহনীয়া। নদীখনৰ বাঢ়নি পানীয়ে অঞ্চলটোত ভাবুকিৰ সৃষ্টি কৰিছে যদিও অঞ্চলটোৰ গৰাখহনীয়া আৰু বান সমস্যা সমাধানৰ বাবে আজি পৰ্যন্ত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা।

স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ লগতে জিলা প্ৰশাসনক এই সমস্যা সমাধানৰ বাবে ৫টা বছৰে আমছু তথা বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও কাণসাৰ দিয়া নাই বিষয়টো।

নদীখনৰ গৰাখহনীয়াৰ কৱলত পৰি ঘৰ-মাটি হেৰুৱালে অঞ্চলটোৰ প্ৰায় ষোল্লটাকৈ পৰিয়ালে। অঞ্চলটোৰ একমাত্ৰ পুৰণি ১২৩ নং চাফাকামাৰ প্ৰাথমিক বিদ্যালয়খনো যিকোনো মূহুৰ্তত বেঁকীৰ বুকুত জাহ যোৱাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে৷

বৰপেটা ৰোডৰ উত্তৰাঞ্চল দিনক দিনে কালৰূপী বেঁকীয়ে গ্ৰাস কৰি আহি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা একমাত্ৰ মুখ্য গড়কাপ্টানি পথচোৱাও ছিগি পেলাইছে৷ তথাপিও এই চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ'ল।

এইবেলি বৰপেটা ৰোডৰ উত্তৰাঞ্চলত সংযোগ স্থাপনৰ একমাত্ৰ পথছোৱাও একেবাৰে নিঃচিহ্ন হৈ যোৱাত স্থানীয় ৰাইজৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। বৰ্তমানৰ বিজেপি চৰকাৰৰ ৰাজত্ব কাললৈ উক্ত সমস্যা সমাধানৰ স্বাৰ্থত পথ অৱৰোধ কাৰ্যসূচীৰপৰা আৰম্ভ কৰি আমৰণ অনশন কাৰ্যসূচী পৰ্যন্ত হাতত লোৱা হৈছিল যদিও কোনো সঁহাৰি নাই চৰকাৰৰ তৰফৰ পৰা।

যোৱা ২৯ জুলাইত বেঁকী নদীৰ গৰাখহনীয়া তদাৰক সমিতিৰ উদ্যোগত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত হৈছিল। যোৱা ৫ জুলাইত স্থানীয় ৰাইজৰ সহযোগত বেঁকী নদীৰ পাৰত সমূহীয়া নামাজ পঢ়ি আল্লাৰ ওচৰত বেঁকী নদীৰ গৰাখহনীয়া ৰোধ হোৱাৰ কামনাৰে দোৱা পাঠ কৰা হয়৷

পুনৰ অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ বড়ো ধৰ্মীয় নীতি-নিয়ম অনুসৰি নৈৰ পাৰত গংগা পূজা কৰা হয়৷ উক্ত অনুষ্ঠানত প্ৰায় দুই শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in